মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত ২৬ মে, ২০২১ তাৰিখে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ চাওঁ আহক

বৈঠকৰ আৰম্ভণিতে গোসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ বিয়োগত শোক প্ৰকাশ কৰি আজিৰ কেবিনেটে ২ মিনিট সময় মৌনতা অৱলম্বন কৰে।
➡️ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য আৰু উৰ্খাও গৌৰা ব্ৰহ্মক আজি প্ৰয়াত বিধায়কগৰাকীৰ গৃহলৈ গৈ অসম চৰকাৰৰ হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিবলৈ কেবিনেটে দায়িত্ব অৰ্পণ কৰে।
➡️ সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে প্ৰয়াত বিধায়কগৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ কেবিনেটে সিদ্ধান্ত লয়।

প্ৰশাসনীয় সংস্কাৰৰ ক্ষেত্ৰত আজিৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
▶️ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগ যোজনাৰ বাবে বিত্তীয় অনুমোদন বিচাৰি বিত্ত বিভাগলৈ এতিয়াৰ পৰা কোনো ফাইল প্ৰেৰণ কৰাৰ প্ৰয়োজন নাথাকিব। সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠতম সচিবগৰাকীয়ে নিজাববীয়াকৈ এই ধন হিতাধিকাৰীক মোকলাই দিব পাৰিব। তদুপৰি এই আঁচনি তিনিখনৰ হিতাধিকাৰীয়ে এতিয়াৰে পৰা প্ৰতিমাহৰ ১০ তাৰিখে বেংক একাউণ্ট যোগে প্ৰাপ্য ধন লাভ কৰিব।
▶️ আজিৰে পৰা বড়োলেণ্ড কল্যাণ বিভাগ নামেৰে এটা সুকীয়া বিভাগ সৃষ্টি কৰাত কেবিনেটে অনুমোদন জনায়। পূৰ্বতে এই বিভাগ সংক্ৰান্তীয় কাম-কাজ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ অধীনস্থ আছিল।
▶️ কোকৰাঝাৰত বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপন কৰা হ’ব। এই কাম তৎকালীনভাৱে আৰম্ভ কৰিবলৈ আৰু চৰকাৰী ভৱন নাথাকিলে প্ৰয়োজনসাপেক্ষে ভাৰাঘৰৰ পৰাই এই মহাবিদ্যালয়ৰ কাম-কাজ আৰম্ভ কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।
▶️ আজিৰ কেবিনেটে জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰীসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত সুনিৰ্দিষ্ট নীতি নিৰ্দেশনাত অনুমোদন জনায়।

Related Articles