সমগ্ৰ ৰাজ্যখনতে এচাম যুৱ প্ৰজন্মই সামাজিকভাৱে নিষিদ্ধ কানি,ভাং ,ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ লগতে সমাজখনক অন্ধকাৰ দিশলৈ লৈ গৈছে ৷ তিনিচুকীয়া জিলাখনতো মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন অৱ্যাহত আছে| বিশেষকৈ জিলাখনৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত মুকলিকৈয়ে নিষিদ্ধ ড্ৰাগছৰ বেহা ৰমৰমীয়া বেহা চলে বুলি কলেও বঢ়াই কোৱা নহ’ব |একাংশ অসাধু লোকৰ সহজতে ধন ঘটাৰ মানসিকতা বাবেই উঠি অহা নৱ প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে।বৰ্তমান অৱশ্যে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যথেষ্ট সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনেই জব্দ হৈছে বৃহৎ পৰিমানৰ ড্ৰাগছ ,কানিকে আদি কৰি ভিন্ন নিচাযুক্ত সামগ্ৰী।আজিও তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত মুগংপথাৰত ড্ৰাগছ আৰু কানিসহ চাৰিজনলোকক স্থানীয় গাওঁৰক্ষীৰ আৰু স্থানীয় লোকে আটক কৰি পেঙেৰী আৰক্ষীক গতাই দিয়ে । আটক কৰা লোককেইজনৰ হল ক্ৰমে-লম্বিত মাচে ওৰফে হুচেইন (৫৮)কেটেতং ১নং দিবং নিৱাসী , পদম বাহাদুৰ চেত্ৰী ওৰফে পদে(৫৬)ডিগবৈ , ঢেকীয়াজান নিৱাসী , প্ৰদীপ শ্বাহ ওৰফে বাবা(৩০) কেটেতং, ১ নং ডিবং নিৱাসী আৰু ৰামু কিষান( ৩২)|ইনথেম ,মাইচাংপানী নিৱাসী| তেওঁলোকে ব্যৱহাৰ কৰা চাৰিখন মটৰচাইকেলো আৰক্ষীক চমজাই দিয়া হয়| ড্ৰাগছ আৰু কানিৰ লগত জড়িত মূল ব্যক্তি গঙ্গা বাহাদুৰ কাৰ্কী নামৰ লোকজন পলাই হাৰিবলৈ সক্ষম হয়| লোকজনৰ সন্ধানত স্থানীয় ৰাইজে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে| কোনো কাৰণতে অঞ্চলটোত কানি , ড্ৰাগছ আদি মাদ্ৰক দ্ৰব্যৰ বিৰুদ্ধে এই অভিযান অনাগত দিনতো চলি থাকিব্ বুলি স্থানীয় ৰাইজে স্পষ্ট কৰি দিছে|
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰিয়ান পৰাগে পঢ়া স্কুলৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ৰেহাই মূল্যৰ বিশেষ টিকট মুকলি…
- উচ্চতৰ মাধ্যমিকৰ ফলাফলত বাণিজ্য শাখাত প্ৰথম স্থানত শিৱসাগৰ জিলা, ভূ-বিজ্ঞান বিষয়ত অসমৰ ভিতৰত প্ৰথম নাজিৰাৰ মেজেঙ্গা কেতেকীবাৰীৰ স্নেহা কুৰ্মী…
- Laapataa Ladiesত অভিনয় কৰা নিতাংশী গোৱেল কোন? যাৰ অভিনয়ে হাজাৰ হাজাৰ দৰ্শকৰ মন মুহিছে…
- আই পি এলঃ ৰাহুলক ককৰ্থনা LSGৰ স্বত্বাধিকাৰ সঞ্জীৱ গোৱেংকাৰৰ! অনুৰাগীৰ খং…
- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ…
- ব্ৰেকফাষ্টঃ এই স্বাস্থ্যকৰ খাদ্যৰ সৈতে দিনটোৰ আৰম্ভণি কৰক…
- পুত্ৰৰ ফলাফল পাই কান্দোনত ভাঙি পৰিছে পিতৃ-মাতৃ, ৫টা বিষয়ত লেটাৰসহ ৮৮% শতাংশ নম্বৰ লাভ কৰা ৰমেন নাই এই সংসাৰত…
- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বিচ্ছেদ হ’ব নেকি? ইনষ্টাগ্ৰামৰ পৰা বিয়াৰ ফটো ডিলিট কৰিলে ৰনবীৰ সিঙে…
- ভাৰতীয় শ্বেয়াৰ বজাৰৰ আৰম্ভণিত চেন্সেক্সে সামান্য বৃদ্ধিৰে মুকলি নিফটিত হ্ৰাস…