ৰৌতাত ক’ভিড বিধি নমনাক আৰক্ষীৰ লাঠী

মহামাৰী ক’ভিড  ভাইৰাছৰ দ্বিতীয় পৰ্যায়ৰ লহৰে সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সেয়ে দেশ তথা  ৰাজ্যখনত  ক’ভিড-১৯ ৰ  বিধি মানি চলা হৈছে  । এই কভিডৰ  ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে  মাস্ক পিন্ধা , সততে চাবোনেৰে হাত ধোৱা, চেনিটাইজ কৰা ,টিকা লোৱা , সামাজিক দূৰত্ব বজাই ৰখা আদি কেইবাটাও বিধি মানি চলিবলৈ বাধ্যতামূলক নিয়ম জাৰি কৰিছে । কিন্তু এনেকুৱা এটা  ভাল সন্ধিক্ষণতো ওদালগুৰি জিলাৰ বৃহত্তৰ ৰৌতা অঞ্চলতটোত দেখা যায় ইয়াৰ বিপৰীত ছবি । চৰকাৰে কঠোৰ ভাৱে বান্ধি দিয়া নীতি-নিয়মক আওকাণ  কৰি একাংশ লোকে এতিয়াও  নিজৰ লগতে আনৰো  বিপদ চপাই অনা পৰিলক্ষিত হৈছে । উদাহৰণ স্বৰুপে ৰৌতা চাৰিআলি চহৰৰ মাজমজিয়াত আজি   মাস্ক  নিপিন্ধা লোক সকলৰ  বিৰুদ্ধে ৰৌতা  আৰক্ষী  থানাৰ আৰক্ষী আৰু চিআৰপিএফ সকলে কঠোৰ  হাতেৰে স্হিতি গ্ৰহণ  কৰিবলৈ বাধ্য হয় ।  মাস্ক পৰিধান নকৰা মহিলা পুৰুষকে ধৰি  সকলোকে  ৰৌতা আৰক্ষী থানাৰ মেজৰ দেৱ ৰাম স্বৰ্গীয়াৰী লাঠী জোঁকাৰি  চিঞৰি  চিঞৰি  সকলোকে মাস্ক পিন্ধিবলৈ  সৈমান কৰাৰ লগতে  সামাজিক দায়ৱদ্ধতাৰে সততে দূৰত্ব বজাই ৰাখিবলৈ ৰৌতা চাৰিআলি চহৰখনৰ মাজমজিয়াত আজি আহ্বান জনায় । কাৰণ ওদালগুৰি জিলা কাৰাগাৰৰ পৰা অহা এজন কাৰাবন্দী  প্ৰমুখ্যে বৰ্তমান ৰৌতা আদৰ্শ   ক’ভিড  চিকিৎসালয়ত ৩১ জন লোক ভৰ্তি হৈ চিকিৎসাধীন অৱস্থাত থকাৰ উপৰিও অঞ্চলটোত  প্ৰতিদিনে  ৰেপিড এন্টিজেন টেষ্টত কভিডৰ পজিটিভ ওলাই আছে  । 

Related Articles