ক’ভিড সৃষ্ট জটিল পৰিস্থিতিৰ সুযোগ লৈ এচাম ব্যৱসায়ীয়ে খাদ্যৰ নামত বৰবিহ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। একাংশ অসাধু ব্যৱসায়ীয়ে ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী গ্ৰাহকক যোগান ধৰি জনস্বাস্থ্যৰ প্ৰতি ভয়াবহতাৰ সৃষ্টি কৰিছে। তেনে এক ঘটনা পোহৰলৈ আনিছে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ এগৰাকী গ্ৰাহকে। জানিব পৰা মতে গ্ৰাহক গৰাকীয়ে সোণাৰিৰ এখন বিপনীৰ পৰা ৰাজস্থানৰ বিখ্যাত পাপৰ প্ৰস্তুত প্ৰতিষ্ঠান চৌধুৰী এণ্ড কোম্পানীৰ এক পেকেট পাপৰ ক্ৰয় কৰি অনাৰ পাছত ঘৰত পেকেটটো খোলাৰ পাছত দেখে যে পাপৰবোৰ ভেঁকুৰ উঠি নষ্ট হৈ পৰিছে। পৰৱৰ্তী সময়ত গ্ৰাহক গৰাকীয়ে পাপৰৰ পেকেটটোত পাপৰ প্ৰস্তুত সম্পৰ্কীয় তাৰিখ, মূল্য আৰু ওজন সম্বন্ধীয় তথ্য লিখা ঠাইখিনি চোৱাত সংশ্লিষ্ট ঠাইৰ লগতে সমগ্ৰ পেকেটটোৰ কোনো ঠাইতে এই সম্পৰ্কীয় একো তথ্যৰ উল্লেখ বিচাৰি নাপায়। ইফালে পেকেটটোত গ্ৰাহক সেৱাৰ বাবে যিটো নম্বৰ উল্লেখ কৰা হৈছে সেই নম্বৰটোত কোনো কাৰণতে কল কৰা সম্ভৱপৰ নহয়। এবাৰ ৰিং হোৱাৰ পাছতেই নম্বৰটোত সংযোগ বিচ্ছিন্ন হৈ পৰে। এই ঘটনাৰ বাবে সমগ্ৰ বিষয়টো অধিক ৰহস্যাবৃত হৈ পৰিছে।কাৰণ দেশৰ অন্যতম পাপৰ প্ৰস্তুত প্ৰতিষ্ঠান চৌধুৰী এণ্ড কোম্পানীৰ প্ৰচুৰ জনপ্ৰিয়তা থকাৰ সুযোগ লৈ কোনো অসাধু চক্ৰই নিম্নমানৰ পাপৰ প্ৰস্তুত কৰি সেয়া বজাৰত মেলি দিয়াৰ দৰে ঘটনা সংঘটিত কৰিছে নে ম্যাদ উকলি যোৱা পাপৰৰ পেকেটৰ পৰা সমুদায় তথ্য নোহোৱা কৰি স্থানীয় ভাবে কোনো অসাধু ব্যৱসায়ী মহলে এনে দুষ্কাৰ্য সংঘটিত কৰিছে সেয়া চিন্তাৰ বিষয় হৈ পৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…
- গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…