ক’ভিড-১৯ ভাইৰাছ প্ৰতিৰোধৰ অৰ্থে ৰাজ্যজুৰি অব্যাহত আছে কাৰ্ফিউ ৷ দিনৰ ১১ বজাৰ পৰা বন্ধ হৈ পৰা জনজীৱনত অৰ্থনৈতিক ভাৱেও কোঙা হৈ পৰিছে অধিকাংশ লোকে। বৃদ্ধি পাইছে চুৰি কাৰ্যৰ দৰে অপৰাধ। সেয়েহে নিশা জনশূন্য হৈ পৰা গোলাঘাট নগৰৰ আৰক্ষীৰ তহলৰ সমানেই চলিছে চোৰৰো তহল ৷ বুধবাৰে নিশা গোলাঘাটৰ তপন নগৰৰ জয় প্ৰকাশ গুপ্তাৰ দোকানত চোৰে চলালে চাফাই অভিযান ৷ পিছে দোকানত থকা গেলামাল অথবা অন্যান্য সামগ্ৰীত চোৰে হাত নিদি সামগ্ৰীসমূহ লণ্ড-ভণ্ড কৰি চোৰৰ চকু পৰে কেছ বক্সত ৷ পৃথকে পৃথকে ৰখা কেছ বক্সৰ পৰাই প্ৰায় ৪৫ হাজাৰ টকা চুৰি কৰি নিয়ে চোৰে ৷ পুৱা দোকানৰ গৰাকীয়ে দোকান খুলিব আহি প্ৰত্যক্ষ কৰি খবৰ দিয়ে গোলাঘাট আৰক্ষীক ৷ ইফালে দোকানৰ সমীপৰ চি চি টিভি ফুটেজত তিনি জন চোৰ দেখা গৈছে। উক্ত ফুটেজৰ পম খেদি গোলাঘাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

