কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই অৱশেষত সামাজিক মাধ্যমযোগে নিজৰ ভুল স্বীকাৰ কৰি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি গীত বিকৃত কৰাৰ অভিযোগত বিগত কিছুদিন ধৰি বিতৰ্কত পৰিছিল মৰ্মিতা।
জানিব পৰা মতে, গুৱাহাটীৰ বিহুমঞ্চত সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ সময়ত জুবিন গাৰ্গৰ গীত বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে। ঘটনাটোক লৈ একাংশ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সদৌ অসম যুৱ সংঘই দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। সংগঠনটোৱে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে মৰ্মিতাক আগন্তুক দিনত সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ নিদিয়াৰ হুংকাৰো দিয়ে।
এই বিতৰ্কৰ মাজতে শুকুৰবাৰে মৰ্মিতা মিত্ৰই এটি ভিডিঅ’যোগে নিজৰ ভুল স্বীকাৰ কৰে। ভিডিঅ’টোৰ সৈতে দিয়া কেপচনত তেওঁ কয়—
“মই মৰ্মিতা মিত্ৰই অসমবাসীৰ ওচৰত ক্ষমা খুজিছোঁ। জুবিনদাদাৰ পৰিয়ালৰ ওচৰতো ক্ষমা খুজিছোঁ। মই সেইদিনা মঞ্চত পৰিবেশন কৰা এটি গীতে সকলোৰে মনত কষ্ট দিছে। দাদা মোৰ বাবে ভগৱান আছিল আৰু চিৰদিন থাকিব। মই ভগৱানৰ গান বিকৃত কৰাৰ ধৃষ্টতা নাই। এইয়া মোৰ অজানিতে হোৱা ভুল, তাৰ বাবে পুনৰবাৰ সকলোৰে ওচৰত মই ক্ষমা খুজিছোঁ।”
উল্লেখ্য যে, এই ঘটনাই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল আৰু বহুজনেই শিল্পীগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল। বৰ্তমান তেওঁৰ এই ক্ষমা প্ৰাৰ্থনাই পৰিস্থিতি কিমান শামুকি কৰে সেয়া লক্ষ্যণীয় হ’ব।

