ৰহমৰীয়াত ক’ভিড চেন্টাৰ মুকলি বিধায়ক বিনোদ হাজৰিকাৰ

লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়া গাঁও পঞ্চায়তৰ সভাকক্ষত এটি ক’ভিড চেন্টাৰ মুকলি কৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই। ৰহমৰীয়া গাঁও পঞ্চায়তৰ সভাপতি জিতুল গোহাঁয়ে আঁত ধৰা সভাখনত চৰকাৰী গাঁওবুঢ়া, ভিডিপি, আশাকৰ্মী, নাৰ্চ, অংগনবাড়ী কৰ্মী, সহায়িকা, পঞ্চায়তৰ সচেতন ব্যক্তিসকলৰ লগত বিধায়কগৰাকীয়ে বিশ্বৰ কৰোনা মহামাৰী বিৰুদ্ধে কেনেকৈ যুদ্ধ কৰিব তাৰ ওপৰতো সজাগতা সভা অনুষ্ঠিত কৰে। তদুপৰি বিধায়ক বিনোদ হাজৰিকাই ৰহমৰীয়াৰ গৰাখহনীয়া, বানপানী প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমক জানিব দিয়ে।

Related Articles