অনলাইন শিক্ষাত ছাত্ৰ ছাত্ৰীক জড়িত কৰি অভিযোজিত কৰোৱাটো এক প্ৰত্যাহ্বান। পৰম্পৰাগত শ্ৰেণীসমূহতকৈ অনলাইন শ্ৰেণীকোঠাত শিক্ষকে অধিক শিক্ষণ কৌশল প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীক পাঠৰ সৈতে একাত্ম কৰিব পাৰিলে বেছি ফলপ্ৰসূ হ’ব। ‘গুৰুবাৰ্তা’ শীৰ্ষক অনলাইন আলোচনীৰ দ্বিতীয়টো সংখ্যা উন্মোচনী অনুষ্ঠানত ‘Trends of distance education in the digital age’ শীৰ্ষক বিষয়ত আগবঢ়োৱা ভাষণত এই মন্তব্য প্ৰদান কৰিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কন্দৰ্প দাসে। ২৬ মে তাৰিখে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ আৰু সমগ্ৰ শিক্ষা কামৰূপৰ যৌথ উদ্যোগত প্ৰকাশিত আলোচনীখনৰ উন্মোচনী অনুষ্ঠানত জিলাখনৰ শিক্ষক সমাজক সম্বোধি দিয়া অনলাইন ভাষণত তেওঁ কয় যে বৰ্তমান ছাত্ৰ ছাত্ৰীৰ মানসিক দিশৰ প্ৰতিও শিক্ষকসকলে অধিক গুৰুত্ব আৰোপ কৰাৰ সময়। ডিজিটেল ডিভাইদৰ বাবে বঞ্চিত ছাত্ৰ ছাত্ৰীক বিকল্প পাঠদানৰ ব্যৱস্থা কৰিব লাগিব। ডায়েট কামৰূপৰ অধ্যক্ষা ড° পংকজা বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানটোত গুৰুবাৰ্তা আলোচনীখনৰ বিষয়ে সবিশেষ জনাই জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই। এই আপাহতে গুৰুবাৰ্তাৰ মুখ্য সম্পাদক ড° শিৰোমণি ভূঞাই আঁত ধৰা এই ভাৰ্চুৱেল উন্মোচনী অনুষ্ঠানটোত বিকল্প পাঠদানৰ বাবে কামৰূপ জিলাই গ্ৰহণ কৰা কিৰণ কাৰ্যসূচীৰ কথা অৱগত কৰে শিক্ষা বিষয়াগৰাকীয়ে। সভাত শলাগৰ শৰাই প্ৰদান কৰে কাৰ্যবাহী সম্পাদিকা চুইটি বেজবৰুৱাই লগতে ‘গুৰুবাৰ্তা’ৰ তত্ত্বাৱধায়ক সংগীতা গোস্বামীয়ে জনাইছে যে আলোচনীখন www.gurubarta.com ৱেবছাইটত উপলব্ধ হোৱাৰ উপৰিও www.dietkamrupassam.in আৰু ssakamrup.co.in ৱেবছাইটতো সংলগ্ন কৰা হৈছে। এইক্ষেত্ৰত ৰাইজৰ সহাৰি কামনা কৰিছে সম্পাদনা সমিতি তথা কামৰূপৰ শিক্ষক সমাজে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কেজৰিৱালৰ জামিন লাভে ইণ্ডিয়া জোঁটক শক্তিশালী কৰিব-ডাঃ ভবেন চৌধুৰী
- মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ
- ৰোকাখাতা-বানিয়াপাৰাত ৰঙালী বিহুৰ বিশাল সাংস্কৃতিক অনুষ্ঠান
- জুনত টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে সমাপ্ত হ’ব ৰাহুল দ্ৰাৱিড়ৰ কাৰ্যকাল…
- ল’ৰা-ছোৱালীক মোবাইল দিব লাগে, ক’লে বিল গেটছে! বিল গেটছৰ সন্তানে মোবাইল ব্যৱহাৰ কৰে নে…
- শুভ সপোনঃ সপোনত এই ৫ টা বস্তু দেখাটো অতি শুভ, ভাগ্য সলনি হ’ব…
- শেষ হোৱা চেম্পুৰ বটলত পানী ঢালি ব্যৱহাৰ কৰোঃ আজিও মধ্যবিত্তীয় জীৱন যাপন কৰে অভিনেতা বিজয় দেৱেৰাকোণ্ডাই…
- দুৰ্নীতি নিবাৰকৰ জালত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ছহৰ আলী শিকদাৰ…
- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জামিন, নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি!
- মেটা গালা ২০২৪ত পৰিধান কৰা ঈশা আম্বানীৰ পোছাক তৈয়াৰ কৰিবলৈ ১০ হাজাৰ ঘণ্টা সময় লাগিছিল…