সমগ্ৰ বিশ্বতে এতিয়া ক’ৰণাৰ আতংক এম্বুলেঞ্চ এখন চকুৰ সন্মুখেদি পাৰ হলেই ভাব হয় ইয়াত নিশ্চয় ক’ৰণা আক্ৰান্ত ৰোগী গৈছে। কিন্তু বিশ্বনাথৰ এখন এম্বুলেন্সত ৰোগীৰ পৰিবৰ্তে কাছ মাংস সৰবৰাহ কৰা কথাহে পোহৰলৈ আহিছে। কৰোণা বা অন্যান্য ৰোগী নহয় , এম্বুলেন্সত ওলাল কাছ মাংস । এম্বুলেঞ্চত উদ্ধাৰ কটা কাছ মাংস সহ দুজনক গ্ৰেপ্তাৰ বিশ্বনাথৰ পানীভড়ালস্থিত বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ অধীনস্থ এটা অভিযানকাৰীৰ দলে গোপন সূত্ৰৰ পম খেদি যোৱা নিশা গহপুৰ ডিপৰাৰ কঠালনিবাৰীৰ পৰা শশী দাস(৫৬) , দিগন্ত ভূঞাঁ(৪०) নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে । ফৰেষ্টাৰ ওৱান উত্তম চমুৱাহৰ নেতৃত্বত যোৱা দলটিয়ে কঠালনি বাৰীৰ পৰা ৬ বাজি ৫০ মিনিট মান বজাত AS-12 -BC4421 নম্বৰৰ এম্বুলেঞ্চত কটা কাছ মাংস সহ দুজনক গ্ৰেপ্তাৰ কৰা হয় । আটক কৰা দুয়োজনক বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলে সোধপোছৰে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জব্দ কৰা কাছ মাংস সহ গ্ৰেপ্তাৰ কৰি বিশ্বনাথ জিলা আদালতত আজি হাজিৰ কৰাৰ ব্যৱস্থা কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি এম্বুলেন্স খন কালি তেজপুৰৰ পৰা ৰোগী থৈ বিশ্বনাথৰ গহপুৰত উপস্থিত হৈছিল আৰু তাৰ পিছত গহপুৰৰ কঠালনীবাৰীৰ পৰা এম্বুলেন্সখনৰ চালক দিগন্ত ভূঞাই শশী দাসক লগ কৰি প্ৰায় ১ কেজি ৩০০ গ্ৰাম কাছ মাংস ক্ৰয় কৰাৰ পিছত অভিযান কাৰী দলে উক্ত অঞ্চলৰ পৰা আটক কৰে দুই ব্যক্তিক । ইতিমধ্যে এই সন্দৰ্ভত দুয়োকে গ্ৰেপ্তাৰ অভিযান কাৰী বিষয়াই তদন্ত অব্যাহত ৰাখিছে ।

