বিধায়ক ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি গুলীবৰ্ষণ নগাৰ

বিধায়ক ৰূপজ্যোতি কুৰ্মীক উদ্দেশ্যি গুলীবৰ্ষণ নগা লোকৰ। কথমপি প্ৰাণৰক্ষা বিধায়কগৰাকীৰ। মৰিয়নিৰ দিচৈ বনাঞ্চলত হোৱা নগা লোকৰ বেদখল পৰিদৰ্শন কৰিবলৈ গৈছিল বিধায়কগৰাকী। লগত বন বিভাগ আৰু সাংবাদিকৰ এটা দলো আছিল। হাতে হাতে বন্দুক লৈ ওলাই আহে নগা লোকসকল। অঞ্চলটোত এতিয়াও অব্যাহত আছে চাঞ্চল্য।উল্লেখ্য, নিউ সোণোৱাল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত তথা নিউ সোণোৱাল সীমান্ত নিৰীক্ষণ চকী (বি অ’ পি) আৰু খেৰেমীয়া সীমান্ত নিৰীক্ষণ চকীৰ মাজৰ নামনি বনগাঁও আৰু ভৱানীপুৰ গাঁৱৰ কাষতে লাগি থকা দিচৈ ভেলী বনাঞ্চলত নগাই কেইবাহেক্টৰ বনভূমি ধ্বংস কৰি এখন নতুন গাঁও স্থাপন কৰিছিল। ইয়াৰ বাবে বিধায়ক কুৰ্মীয়ে উক্ত বেদখল প্ৰত্যক্ষ কৰিবলৈ যাওঁতে নগাই গুলীচালনা কৰে কুৰ্মীক।

Related Articles