আজি প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ পঞ্চম বাৰ্ষিক মৃত্যু বাৰ্ষিকী। প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ স্মৃতিত প্ৰতিবছৰে আগবঢ়োৱা হয় “ভিতালী দাস সোঁৱৰণী বঁটা”। (VITALI DAS) এইবাৰ এই বটাঁ আগবঢ়োৱা হয় জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দিপলীনা ডেকাক।
উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই প্ৰতিবছৰে আগবঢ়াই আহিছে ৰাজ্যৰ একোগৰাকীকৈ সংগীতশিল্পীক। এইবাৰ উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত আৰু ৰাগশ্ৰী সংগীত বিদ্যালয়ৰ সহযোগত প্ৰাগজ্যোতিষ কলা পৰিষদত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই বঁটা প্ৰদান কৰে দিপলীনা ডেকাক।
অনুস্থানত উপস্থিত থাকে কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ভিতালী দাসৰ কন্যা তথা সংগীতশিল্পী কমলিকা কাশ্যপ,আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক মন্টু শইকীয়া, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক তাৰিনী হালৈ, মৌজাদাৰ ৰাতুল বৰুৱাৰ লগতে শতাধিক ৰাইজ।

