বিগত ১৭ বছৰেই পৰিত্যক্ত অৱস্থাত থকা চিৰাং জিলাৰ বাসুগাঁওৰ ৩০খন বিছনাযুক্ত চিকিৎসালয় খন বুধবাৰে পৰিদৰ্শন কৰে চিৰাং জিলাৰ ৩১নং চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰী জয়ন্ত বসুমাতাৰীয়ে । উল্লেখ্য যে ২০০৪ চনতে তেতিয়াৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মই আধাৰশিলা স্থাপন কৰি চিকিৎসালয় খন নিৰ্মাণৰ কাম সম্পন্ন কৰিছিল যদিও বিগত ১৭ বছৰ কাল বি.পি.এফ নেতৃত্বাধীন চৰকাৰ খনে চিকিৎসালয় খন মুকলিৰ বাবে কোনো আগভাগ লোৱা দেখা নগ’ল।স্হানীয় সংগঠনৰ উপৰিও বাসুগাঁওবাসী লোকে বাৰংবাৰ আবেদন কৰাৰ পিছতো চিকিৎসালয়খন আজিলৈ মুকলি নোহোৱাটো এক ৰহস্যৰ আৱৰ্তত।ভূত বাংলাত পৰিণত হোৱা চিকিৎসালয়খন আজিৰ তাৰিখত কিছু অসামাজিক কাৰ্যকলাপৰ লগতে এক জুৱাৰ ঘাটিত পৰিণত হৈছে । যি সময়ত কোভিড ১৯ ৰ বাবে নতুন কৈ চিকিৎসালয় বনাব লগা হৈছে ঠিক সেই সময়তেই এনে এখন চিকিৎসালয় ভূত বাংলাত পৰিণত হোৱাটো খুবেই দুৰ্ভাগ্যজনক বুলি স্থানীয় লোকে প্ৰকাশ কৰে । ইয়াৰ উপৰিও বিগত দুটা বছৰ ধৰি বিশ্বব্যাপী মাৰাত্মক কভিড-১৯ ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত যি সময়ত কভিড কেয়াৰ চিকিৎসালয়ৰ নাটনিয়ে দেখা দিছে, ঠিক সেই সময়তে চিৰাং জিলাৰ বাসুগাঁওস্থিত ৩০ খন বিছনাযুক্ত আন্ত:গাথনি পূৰ্ণ চিকিৎসালয় খন কিছু আসাধু লোকৰ অসামাজিক ক্ৰিয়াকলাপৰ ঠাই হিচাপে পৰিগণিত হোৱাটো কিমান দূৰ গ্ৰহণযোগ্য সেয়া প্ৰশ্নৰ আঁৰত ।
বুধবাৰে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমাতাৰীয়ে চিকিৎসালয় খন পৰিদৰ্শন কৰাৰ পিছতে আজি অৰ্থাৎ বৃহস্পতিবাৰে বি টি চি ৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দেই চিকিৎসালয় খন পৰিদৰ্শন কৰি আগন্তুক ছয় মাহৰ ভিতৰতে চিকিৎসালয় খন ৰাইজৰ উপযোগী কৰি তুলিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখ্য যে দুদিন পূৰ্বে চিৰাং জিলাৰ নৱনিযুক্ত উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে পৰিত্যক্ত চিকিৎসালয়খনৰ বুজ লৈছিল।
ভূত বাংলাত পৰিণত বাসুগাঁওৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়

