শ্যামকানুৱে ই-মেইলযোগে জুবিন গাৰ্গক সুৰা যোগান নধৰিবলৈ কৈছিল হোটেল কৰ্তৃপক্ষক,
কিন্তু অভিমন্যু তালুকদাৰৰ দ্বাৰা শ্যামকানুই কৰিছিল ‘এই’ কাম! চৰকাৰী অধিবক্তাৰ ভাষ্যত চাঞ্চল্যকৰ তথ্য
বুধবাৰে সম্পন্ন নহ’ল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। বৃহস্পতিবাৰে পুনৰ হ’ব জামিনৰ শুনানি।
কিন্তু এইজন প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰৰ দ্বাৰা শ্যামকানুই জুবিনক যোগান ধৰিছিল সুৰাৰ বটল।
য়টলৈ যোৱাৰ পূৰ্বেই অভিমন্যুক ‘ব্লেক এণ্ড হোৱাইট’ ব্ৰেণ্ডৰ সুৰাৰ বটল এটা কিনি আনিবলৈ দিছিল। অভিমন্যুই সেই সুৰাৰ বটল কিনি আনি শ্যামকানুৰ হাতত গতাই দিছিল।
পাছত শ্যামকানুৱে সেইটো গতাই দিছিল জুবিনক। সেই বটলটোৰ সুৰা জুবিনক পান কৰোৱাই দিয়া হৈছিল।
যাৰ বাবে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ।শ্যামকানুৰ পূৰ্বৰ মিথ্যাচাৰ প্ৰমাণ কৰিলে খোদ প্ৰবাসী অসমীয়া সাক্ষীয়েই। এই তথ্য আদালতত উপস্থাপন কৰিলে চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে।
বৃহস্পতিবাৰে পুনৰ আন এটা অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই জামিন আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে।

