পুনৰ শ্যামকানু মহন্তক ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা পত্নীৰ ।Zubeen Garg

Zubeen Garg । শ্যামকানু মহন্ত-ক কেন্দ্ৰ কৰি চলি থকা চাঞ্চল্যকৰ হত্যাকাণ্ডত পুনৰ এবাৰ স্বামীৰ পক্ষে সুৰ তুলিলে তেওঁৰ পত্নী অনিতা ডেকা মহন্ত-ই। আদালত চৌহদত সাংবাদিকৰ আগত মন্তব্য আগবঢ়াই তেওঁ স্বামীজন নিৰপৰাধী বুলি দাবী কৰে।

অনিতা ডেকা মহন্তই কয় যে, অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ-ৰ মৃত্যুয়ে ৰাজ্যখনত এক গভীৰ সাংস্কৃতিক শূন্যতা সৃষ্টি কৰিছে। “জুবিনৰ নিচিনা ইমান ডাঙৰ এটা সত্বা আমাৰ মাজৰ পৰা গুচি গ’ল। এই শূন্যতা আমি সৃষ্টিশীলতাৰে পূৰ্ণ কৰিব লাগিছিল, হিংসা-খঙেৰে নহয়,” বুলি কয় তেওঁ। লগতে ৰাজ্যবাসীক জাতীয় জীৱনলৈ মৰম আৰু সম্প্ৰীতি ঘূৰাই আনিবলৈ আহ্বান জনায়।

স্বামী শ্যামকানু মহন্ত-ৰ পক্ষে যুক্তি দাঙি ধৰি তেওঁ কয় যে, “শ্যামকানুৰো বহুত বেয়া লাগিছে। জুবিন গাৰ্গ তেওঁৰ অতি ঘনিষ্ঠ বন্ধু আছিল। জুবিনে শ্যামকানুৰ সপোনবোৰ প্ৰথমৰে পৰা সমৰ্থন কৰিছিল। সেয়ে শ্যামকানুৱেও নিজৰ এজন শুভাকাংক্ষী হেৰুৱাইছে।”

ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত প্রশ্ন উত্থাপন কৰি অনিতা ডেকা মহন্তই দাবী কৰে যে, আৰক্ষীয়ে এতিয়ালৈকে কোনো স্পষ্ট প্ৰমাণ আদালতত দাখিল কৰিব পৰা নাই। “শ্যামকানু মহন্তই সুৰা যোগান ধৰাৰ কোনো প্ৰমাণ নাই। ১৭ ছেপ্টেম্বৰত ঘটনাৰ কথা কোৱা হৈছে যদিও ঘটনাটো হৈছে ১৯ ছেপ্টেম্বৰত। জুবিনক জোৰ কৰি নিয়াৰো কোনো প্ৰমাণ নাই,” বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ লগতে তেওঁ কয় যে, “মোৰ মানুহজন সম্পূৰ্ণ নিৰপৰাধী। তেওঁ এতিয়া অন্যায়ভাৱে জে’লত আছে। জুবিনৰ দৰে মহান আত্মাই এইটো দেখি নিশ্চয় কষ্ট পাব। আমিও জুবিনৰ ন্যায় বিচাৰিছো।”

অনিতা ডেকা মহন্তই আৰু দাবী কৰে যে, ঘটনাৰ সময়ত শ্যামকানু মহন্ত প্ৰায় ৫০ কিলোমিটাৰ দূৰত এখন বৈঠকত ব্যস্ত আছিল। “ইয়ট পাৰ্টীৰ বিষয়ে তেওঁ একো নাজানিছিল। মই নিজেও সেই সময়ত ছিংগাপুৰত আছিলো এক অনুষ্ঠানৰ বাবে,” বুলি তেওঁ স্পষ্ট কৰে।

উল্লেখ্য যে, এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু আদালতৰ চূড়ান্ত সিদ্ধান্তলৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

Related Articles