আজি ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰঙিয়া তুলসিবাৰীস্থিত ব্যক্তিগত খণ্ডৰ ডি মাথা নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় খনৰ তৰফৰ পৰা এখন বিনামূলীয়া এম্বুলেন্স প্ৰদান কৰে। উল্লেখযোগ্য যে ৰঙিয়াত দিনকদিনে বৃদ্ধি পাই অহা ক’ভিড আক্ৰান্তৰ সুবিধাৰ হকে এম্বুলেন্স খন চমজি লয় ৰঙিয়া ৰাজহ চক্ৰ বিষয়া চন্দন বুঢ়াগোহাঁইয়ে ।ৰোগীসকলৰ হকে এই এম্বুলেঞ্চ খন গ্ৰহণ কৰি ৰঙিয়া স্বাস্থ্যবিভাগৰ দ্বাৰা ৰঙিয়াত থকা কোভিড কেয়াৰ চেন্টাৰ সমূহত ৰোগী অনা নিয়া কৰা বাবে ব্যৱহাৰ কৰা হব বুলি জনাই চক্ৰ বিষয়া গৰাকীয়ে , লগতে তেওঁ ব্যক্তিগত বিদ্যালয় খনে এই দুৰ্যোগৰ সময়ত লোৱা পদক্ষেপক আদৰণী জনাই কয় যে কোভিডৰ বিৰুদ্ধে যুঁজখনত ৰঙিয়া প্ৰশাসনক অনাগত দিনত আৰু অধিক শক্তিশালী কৰি তুলিব বুলি উল্লেখ কৰে । আনহাতে”ডি মাথা” নামৰ এই ব্যক্তিগত বিদ্যালয় খনৰ তৰফৰ পৰা যিসকল দৰিদ্ৰ লোক ক’ভিডত আক্ৰান্ত হৈছে সেই সকল লোকক খাদ্য সামগ্ৰী লগতে ঔষধ দৰৱ পাতি যোগান ধৰা হৈ আছে বুলি জানিব দিয়ে ইয়াৰ কৰ্মকৰ্তা সকলে । লগতে আগন্তুক দিনত তেওঁলোকে ৰাইজৰ স্বাৰ্থত আৰু অধিক কাম কৰি যাব বুলি জনাই সংবাদ মাধ্যমৰ আগত ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…
- কলপাতত প্ৰসাদ আগবঢ়াওক, দৰিদ্ৰতা দূৰ হ’ব! জানি লওক নিয়ম…
- গভীৰ নিশা ৰাতিৰ আহাৰ কিয় এৰাই চলিব লাগে জানেনে? আছে ৪টা ডাঙৰ কাৰণ…
- আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল…
- ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…
- পিত্তথলীৰ পাথৰ কেনেকৈ হয়? ভাৰতী সিঙে বদহজম বুলি ভবা বিষটো পিত্তথলীৰ সমস্যা হৈ পৰিল…
- ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…
- বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…