জল্পনা-কল্পনাৰ চাকনৈয়াত ৪ মে’: অসমত অভিলেখ সংখ্যক আসনেৰে বিজেপি নেতৃত্বাধীন চৰকাৰে কৰিব হেট্ৰিক

অসমকে ধৰি কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন সম্পন্ন হোৱাৰ পিছতে দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠান তথা সমীক্ষাকাৰী সংস্থাই অসম আৰু অন্যান্য ৰাজ্যত কোনে চৰকাৰ গঠন কৰিব পাৰে সেই বিষয়ত এগজিট প’ল প্ৰকাশ কৰে৷ লক্ষণীয় কথাটো হ’ল– প্ৰায়কেইটা প্ৰতিষ্ঠানৰ সমীক্ষাতে অসমত তৃতীয়বাৰৰ বাবে পুনৰ বিজেপি নেতৃত্বাধীন এনডিএই চৰকাৰ গঠন কৰাৰ সম্ভাৱনা প্ৰৱল৷ সমীক্ষা অনুসৰি অসমত তৃতীয়বাৰৰ বাবে গঠন হ’ব বিজেপি চৰকাৰ৷ এই ভৱিষ্যদ্বাণী এক্সিট প’লৰ৷ চাৰিখন ৰাজ্য ক্ৰমে অসম, কেৰালা, তামিলনাডু আৰু পশ্চিমবংগ আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত ভোটদান সমাপ্ত হোৱাৰ পিছত ঘোষণা কৰা এক্সিট প’লত ভৱিষ্যদ্বাণী কৰা হৈছে যে অসমত বিজেপিয়ে চৰকাৰ গঠনৰ হেট্ৰিক অৰ্জন কৰিব৷ এক্সিছ-মাই ইণ্ডিয়া এক্সিট প’লৰ মতে ১২৬খন আসনবিশিষ্ট অসম বিধানসভাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৮৮-১০০খন আসন লাভ কৰিব৷ অসম বিধানসভাত চৰকাৰ গঠনৰ বাবে মেজিক সংখ্যা হৈছে ৬১৷

আনহাতে, কংগ্ৰেছে ২৪-৩৬খন আসন লাভ কৰিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰা হৈছে৷ আনহাতে, মেট্ৰিজ এক্সিট প’লত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৮৫-৯৫খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২৫-৩২খন আৰু অন্যান্য তথা নিৰ্দলীয়ই ৬-১২খন আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰা হৈছে৷ চিএনএন-নিউজ-১৮১ এক্সিট প’লৰ তথ্যয়ো একে ইংগিত দিছে৷ তেওঁলোকে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৯০-১০০ আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰিছে ৷

আনহাতে, কংগ্ৰেছে ২৩-৩৩খন আসন লাভ কৰাৰ বিপৰীতে এআইইউডিএফে ০-৬খন আসন লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ ইফালে ‘এক্সিট প’ল বাই পিপলছ পালছ’ৰ ভৱিষ্যদ্বাণীত অসমত শাসকীয় বিজেপিয়ে ৬৮-৭২ আসন লাভ কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছে ২২-২৬ খন আসন লাভ কৰিব পাৰে বুলি কোৱা হৈছে৷ আনহাতে, বাকী দল আৰু নিৰ্দলীয়ই ১১-১৫খন আসন লাভ কৰিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰা হৈছে৷ উল্লেখ্য যে যোৱা ৯ এপ্ৰিলত অসমৰ ১২৬টা সমষ্টিৰ আটাইকেইটাতে এটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল৷ এইবাৰৰ নিৰ্বাচনত ৮৫.৩৮ শতাংশ ভোটদানৰ হাৰেৰে ভোটাৰে অভিলেখ কৰিছিল৷ আনহাতে, ফিউছাৰ এড্‌জৰ মতে অসমত এনডিএ-৮২-৯১, কংগ্ৰেছূ ২৮-৩৯, অন্যান্য- ২-৬খন আসন লাভ কৰিব৷ এক্সিছ মাই ইণ্ডিয়াৰ মতে-
এনডিএ- ৮৮-১০০
কংগ্ৰেছূ ২৪-৩৬
অন্যান্য- ০-৩
পি-মাৰ্ক-
এনডিএ- ৮২-৯৪
কংগ্ৰেছূ ৩০-৪০
অন্যান্য- ১-৫
মেট্ৰিজৰ মতে অসমত
এনডিএ- ৮৫-৯৫
কংগ্ৰেছূ ২৫-৩২
অন্যান্য- ৬-১২
এনডি টিভিৰ মতে
এনডিএ- ৮৮-১০০
কংগ্ৰেছূ ২৪-৩৬
অন্যান্য- ০-৩
টাইমছ নাওৰ মতে
এনডিএ- ৮৮-১০১
কংগ্ৰেছূ ২২-৩৩
অন্যান্য- ২-৫
পিপলছ প্লাছৰ মতে
এনডিএ- ৬৮-৭২
কংগ্ৰেছূ ২২-২৬
অন্যান্য- ১১-১৫
জেভিচিৰ মতে
এনডিএ- ৮৮-১০১
কংগ্ৰেছূ ২৩-৩৩
অন্যান্য- ২-৫
প্ৰজা পলৰ মতে
এনডিএ- ৮৬-১০১
কংগ্ৰেছূ ১৫-২৬
অন্যান্য- ৩-৭
পিপলছ ইনচাইডৰ মতে
এনডিএ- ৮৮-৯৬
কংগ্ৰেছূ ৩০-৩৪
অন্যান্য- ০
ভোট ভাইবৰ মতে
এনডিএ- ৯০-১০০
কংগ্ৰেছূ ২৩-৩৩
অন্যান্য- ০-৬
ৱান ইণ্ডিয়াৰ মতে
এনডিএ- ৮৮-১০০
কংগ্ৰেছূ ২৪-৩৬
অন্যান্য- ০-৩
জি নিউজৰ মতে
এনডিএ- ৮০-৮৬
কংগ্ৰেছূ ২৯-৩৫
অন্যান্য- ৮-১৩
চিএনএন-নিউজ ১৮১ মতে
এনডিএ- ৯০-১০০
কংগ্ৰেছূ ২৩-৩৩
এআইইউডিএফ – ০-৬
অহা চ্ছ্ৰ মে’ত ভোটগণনা অনুষ্ঠিত হ’ব ৷ সেইদিনাই স্পষ্ট হ’ব বিভিন্ন প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক্সিট প’ল কিমান ফলিয়ায়৷ এতিয়া মাত্ৰ অপেক্ষা৷

Related Articles