দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত অসম, কেৰালা, তামিলনাডু আৰু পশ্চিমবংগত অনুষ্ঠিত হয় বিধানসভাৰ নিৰ্বাচন৷ বুধবাৰে সন্ধিয়া ৫ বজাত ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিভিন্ন প্ৰতিষ্ঠানে ঘোষণা কৰিছে এক্সিট প’ল৷ সেই মৰ্মে তামিলনাডুত একেৰাহে দ্বিতীয়বাৰৰ বাবে দ্ৰাবিড় মুনেত্ৰা কাঝাগামে [ডিএমকে] চৰকাৰ গঠন কৰিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে৷ ৰাজ্যখনত বৰ্তমানৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ নেতৃত্বত ডি এম কে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ই কে পালানিস্বামীৰ [ইপিএছ] নেতৃত্বত নিখিল ভাৰতীয় আন্না দ্ৰাবিড়া মুনেত্ৰা কাঝাগামৰ [এআইএডিএমকে] মাজত নিৰ্বাচনী যুঁজ হৈছিল৷ তামিলাগা
ভেট্ৰি কাঝাগমৰ [টিভিকে] বিজয়ে পূৰ্বে ঘোষণা কৰিছিল যে তেওঁৰ দলে ৰাজ্যখনৰ ২৩৪খন আসনৰ আটাইকেইখনতে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব৷ মেট্ৰিজ এক্সিট প’লত ডিএমকে নেতৃত্বাধীন মিত্ৰজোঁটে ১২২-১৩২খন আসন লাভ কৰাৰ বিপৰীতে এআইএডিএমকেয়ে ৮৭-১১০খন আৰু বিজয়ৰ দলে ১০-১৫খন আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰা হৈছে৷ উল্লেখ্য যে ১৩৪খন আসনৰ তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে মেজিক সংখ্যা হৈছে ১১৭৷
আনহাতে, পিপ’লছ পাল্ছৰ এক্সিট প’লত শাসকীয় ডিএমকেক তামিলনাডুত ১২৫খন আসন দিয়াৰ বিপৰীতে বিৰোধী দল এআইএডিএমকেয়ে ৬৫-৮০খন আসন লাভ কৰিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰা হৈছে৷ আনহাতে, বিজয়ৰ দলে ১৮-২৪ খন আসন লাভ কৰিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰা হৈছে৷ উল্লেখ্য যে ২৩ এপ্ৰিলত তামিলনাডুৰ ২৩৪টা সমষ্টিৰ আটাইকেইটাতে এটা পৰ্যায়ত ভোটদান অনুষ্ঠিত হৈছিল আৰু ভোটদানৰ হাৰ আছিল ৮৫.ৰ শতাংশ৷ চ্ছ্ৰ মে’ত ভোটগণনা অনুষ্ঠিত হ’ব৷
কেৰালাৰ বাবে এগজিট প’ল– ৯ এপ্ৰিলত কেৰালাত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ পিছত এতিয়া সকলোৰে দৃষ্টি এক্সিট প’লৰ ওপৰত, যিয়ে ৪ মে’ৰ ফলাফলৰ আগতীয়া আভাস দিব পাৰে ৷ এক্সিছ মাই ইণ্ডিয়াৰ এক্সিট প’লত পিনাৰায় বিজয়ন মুখ্যমন্ত্ৰী পদৰ বাবে আটাইতকৈ সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে ৷ ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ষষ্ঠদশ ৰাজ্যিক বিধানসভাৰ বাবে ৯ এপ্ৰিলত অনুষ্ঠিত নিৰ্বাচনত ভোটাদানৰ হাৰ আছিল ৭৭.৪৫ শতাংশ৷ ১৪০জনীয়া কেৰালা বিধানসভাত এটা দল বা মিত্ৰজোঁটৰ বাবে চৰকাৰ গঠন কৰিবলৈ ৭১খন আসনৰ প্ৰয়োজন৷
পশ্চিমবংগৰ বাবে এগজিট প’ল– পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বুধবাৰে সন্ধিয়া ৬ বজাত আনুষ্ঠানিকভাৱে সমাপ্ত হোৱাৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমৰ এক্সিট প’ল প্ৰকাশ পাইছে৷ ২৯৪খন আসনবিশিষ্ট পশ্চিমবংগ বিধানসভাৰ বাবে ২৩ এপ্ৰিল আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হয়৷ অহা ৪ মে’ত ভোটগণনা অনুষ্ঠিত হ’ব৷ ৰাজ্যখনৰ বাবে এক্সিট প’ল প্ৰকাশ কৰা প্ৰথম সংস্থাসমূহৰ ভিতৰত এটা পিপ’লছ পাল্ছে শাসকীয় টিএমচিক ১৭৭-১৯৭খন আসন দিয়াৰ বিপৰীতে বিজেপিক ৯৫-১১০খন আৰু অন্যান্যক এখন আসন প্ৰদান কৰিছে৷ মেট্ৰিজে টিএমচিক ১২৫-১৪০, বিজেপিক ১৪৬-১৬১ আৰু অন্যান্যক ৬-১০খন আসন প্ৰদান কৰিছে৷ আনহাতে, পি-মাৰ্কুৱে বিজেপিক ১৫০-১৭৫খন, টিএমচিক ১১৮-১৩৮খন আৰু কংগ্ৰেছক ২-৬খন আসন দিয়াৰ বিপৰীতে প্ৰজা প’ল এনালাইটিকছৰ তথ্য অনুসৰি, ৰাজ্যখনত বিজেপিয়ে প্ৰথমবাৰৰ বাবে ১৯৩খন আসনেৰে চৰকাৰ গঠন কৰিব৷ আনহাতে, টিএমচিয়ে মাত্ৰ ১০০খন আসন লাভ কৰি দ্বিতীয় স্থানত থাকিব পাৰে৷

