Breaking

যোগীঘোপাত নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ত জড়িত পিতা -পুত্রক আটক

0 1,547

বঙাইগাঁও জিলাৰ যােগীঘােপা থানাৰ অন্তৰ্গত কাবাইটাৰীত কালি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ পিতা – পুত্ৰক আটক কৰে । আটকাধীন দুয়াে ক্রমে কাবাইটাৰী প্রথম খণ্ড গাঁৱৰ ৰেজাউল ইছলাম আৰু তেওঁৰ পুত্র ইনামুল ইছলাম বুলি আৰক্ষীয়ে জানিবলৈ দিছে । উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাসৰ নেতৃত্বত যােগীঘােপা আৰক্ষীৰ এটা দলে গােপন খবৰৰ পম খেদি কালি কাবাইটাৰী প্রথম খণ্ড গাঁৱৰ ৰেজাউল ইছলামৰ নিজা বাসগৃহ আৰু গেলামালৰ দোকানত অভিযান চলায় । যোগীঘোপা আৰক্ষীৰ দলটোৱে চলোৱা জোৰদাৰ অভিযানত বাসগৃহ আৰু দোকান খনত তন্ন তন্নকৈ তালাচী চলাই নিষিদ্ধ ঘােষিত ৭৪ বটল কাহৰ ঔষধ জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ত জড়িত থকা ৰেজাউল ইছলাম আৰু পুত্র ইনামুল ইছলামক আটক কৰে । আৰক্ষীয়ে এই সন্দৰ্ভত ১৯৮/২০২১ নম্বৰত এটা গােচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে । ইপিনে  যোগীঘোপা আৰক্ষীৰ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে লোৱা এই অভিযানক অঞ্চলটোৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰে লগতে অঞ্চলটিক এই বৰবিহৰ পৰা মুক্ত কৰিবলৈ কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনায় ।

Leave A Reply