নলবাৰী জিলাৰ লোহাৰকাঠাস্থিত “পূৱ-বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়”খনে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত বিদ্যালয়খনলৈ আনন্দৰ বন্যা নামি আহিছে। বিদ্যালয়খনৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ মুঠ ১২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১১৪ গৰাকী সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত জুমন মহন্তই ৮৬ শতাংশ নম্বৰেৰে ডিষ্টিংচন, ৩ গৰাকীয়ে ষ্টাৰ মাৰ্ক, ৫৫ গৰাকীয়ে প্ৰথম বিভাগত আৰু ৫৯ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। ইয়াৰে ৮৭ গৰাকীয়ে বিভিন্ন বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈ সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। আনহাতে, সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত ১ জন, দ্বিতীয় বিভাগত ৩ জন আৰু তৃতীয় বিভাগত চাৰিগৰাকীকৈ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।
আজি বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। আজি বিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে কৃতী ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা সভাখনত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেন চন্দ্ৰ মেধি,পূৱ বৰক্ষেত্ৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ ভা: প্ৰা: প্ৰধান শিক্ষক মোহন চন্দ্ৰ কলিতা, বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ উপ-সভাপতি হাফিজুল ইছলাম,সদস্য ৰুবুল আলী,পূৱ বৰক্ষেত্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ সভাপতি ইমদাদ শইকীয়া, লোহাৰকাঠা যুৱক সংঘৰ সভাপতি মেৰাজুদ্দিন আহমেদ,চাহাবুদ্দিন শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীকে ধৰি বিদ্যালয়খনৰ কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন।

