ভাৰতৰ ৫ জন শ্ৰেষ্ঠ বলাৰ, অভিলেখ উইকেট দখল কৰা কোন এই পাঁচজন টি-২০ শ্ৰেষ্ঠ বলাৰ

টি-২০ ক্ৰিকেটক বেটছমেনৰ ফৰ্মেট বুলি গণ্য কৰা হয়। বেটছমেনসকলে প্ৰতিটো বলত চাৰি আৰু ছয় মাৰিবলৈ চেষ্টা কৰে। ১২০ বলৰ এই ফৰ্মেটত এতিয়া ২০০ আৰু ২৫০ ৰান সহজে কৰিব পৰা যায়। চাৰি আৰু ছয়ৰে ভৰা এই ফৰ্মেটত পাঁচজন ভাৰতীয় বলাৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই উইকেটৰ হুমুনিয়াহ কাঢ়িছিল। এই একেজন প্ৰবীণ খেলুৱৈ যিয়ে নিজৰযাদুকৰী বলিঙৰ জৰিয়তে বহু মেচৰ জোৱাৰ ঘূৰাই আনিছে। এই তালিকাত দ্বিতীয় স্থান দখল কৰিছে ভুৱনেশ্বৰ কুমাৰ।

৩০ এপ্ৰিলৰ সন্ধিয়া গুজৰাটৰ বিৰুদ্ধে ৪ অভাৰত ২৮ ৰানত ৩টা উইকেট দখল কৰি টি-২০ উইকেটৰ সংখ্যা ৩৫০লৈ বৃদ্ধি কৰে। শীৰ্ষ ৫ গৰাকী বলাৰৰ তালিকাত আছে যুজবেন্দ্ৰ চাহাল, ভুৱনেশ্বৰ কুমাৰ, যশপ্ৰিত বুমৰাহ, পীযুষ চাওলা, আৰু আৰ অশ্বিন।

টি-২০ ক্ৰিকেটত ভাৰতৰ ৫ জন শ্ৰেষ্ঠ বলাৰ হৈছেঃ

যুজবেন্দ্ৰ চাহাল – ৩৯১ উইকেটঃ ২০০৯ চনৰ পৰা টি-২০ ক্ৰিকেট খেলি থকা যাদুকৰী লেগ স্পিনাৰ চাহালে এতিয়ালৈকে ৩৩৭ খন মেচত ৩৯১ টা উইকেট দখল কৰিছে। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন ২৫ ৰানত ৬ উইকেট।

ভুৱনেশ্বৰ কুমাৰ – ৩৫০ উইকেটঃ চুলতান অৱ ছুইং নামেৰে পৰিচিত ভুৱনেশ্বৰ কুমাৰেও ২০০৯ চনত টি-২০ ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল।তেতিয়াৰ পৰা ৩২৫খন মেচত ৩৫২টা উইকেট দখল কৰিছে। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন ৪ ৰানত ৫ উইকেট।

যছপ্ৰিত বুমৰাহ – ৩৪৭ উইকেটঃ ৰাইট আৰ্মৰ বেগী বলাৰ জছপ্ৰিত বুমৰাহ ২০১৩ চনৰ পৰা ২৭৮খন মেচত ৩৪৭টা কেচ লৈছে। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হৈছে ১০ ৰানত ৫ উইকেট।

পিযুষ চাওলা – ৩২৭ উইকেটঃ এইগৰাকী ভাৰতীয় লেগ স্পিনাৰে ২০০৭ চনৰ পৰা ৩০৫খন মেচত মুঠ ৩২৭টা কেচ লাভ কৰিছে। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হৈছে ১২ ৰানত ৪ উইকেট।

ৰবিচন্দ্ৰন অশ্বিন – ৩১৭ উইকেটঃ ২০০৭ চনৰ পৰা ২০২৫ চনলৈ কেৰিয়াৰত ৩৩৩ খন মেচ খেলি আৰ অশ্বিনে ৩১৭ টা উইকেট দখল কৰিছিল। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ৮ ৰানত ৪ উইকেট। ইয়াৰ উপৰিও অশ্বিন আই পি এলৰ অন্যতম সফল বলাৰ।

Related Articles