‘এইবাৰ খোৱাং সমষ্টিত শক্তিশালী ভাৱে AJPৰ জয় হ’ব’। ভোট গণনা কেন্দ্ৰত উপস্থিত হৈ লুৰিণজ্যোতি গগৈৰ মন্তব্য। নিৰ্বাচনৰ ফলাফলক লৈ পূৰ্ণ আশাবাদী লুৰিণজ্যোতি গগৈ। প্ৰাৰম্ভিক পৰ্যায়ত খোৱাঙত আগবাঢ়ি আছে লুৰিণজ্যোতি গগৈ। পুৱা ৮.৫২ বজা পৰ্যন্ত খোৱাঙত আগবাঢ়িছে লুৰীণজ্যোতি গগৈ।
প্ৰাৰম্ভিক পৰ্যায়ত শিৱসাগৰ বিধানসভা সমষ্টিত আগবাঢ়ি আছে ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ। যোৰহাটত আগবাঢ়ি আছে গৌৰৱ গগৈ।
মঙলদৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী নীলিমা দেৱীয়ে লাভ কৰিছে ২৮৩৯ টা ভোট, কংগ্ৰেছ প্ৰাৰ্থী ৰিজুমনি তালুকদাৰে লাভ কৰিছে ৮৯৪৬টা ভোট, তৃণমুল কংগ্ৰেছৰ হৰেকৃষ্ণ ডেকাই ৬৪টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী প্ৰবীণ কুমাৰ ডেকাই লাভ ৪৮ টা ভোট, নোটা ৪৮ টা ভোট এ ইউ ডি এফৰ প্ৰাৰ্থীয়ে লাভ কৰিছে ১৯১ টা ভোট।
প্ৰথম ৰাউণ্ডৰ অন্তত দলগাও সমষ্টিৰ এ ইউ ডি এফ ৰ মুজিবুৰ ৰহমানে লাভ কৰিছে৬৬৬৬ টা ভোট। নিৰ্দলীয় প্ৰাৰ্থী আইনুল হকে লাভ কৰিছে ৪১১৯ টা ভোট।
কোকৰাঝাৰ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত বিপিএফৰ অগ্ৰগতি। বিপিএফৰ শিউলী মহিলাৰীয়ে পালে ৫৬৯৬ টা ভোট ।
আনহাতে ইউপিপিএলৰ লৰেন্স ইছলাৰীয়ে পালে ২৬৫৯ টা ভোট।প্ৰথম ৰাউণ্ডৰ অন্তত ৩০৩৭ টা ভোটত অগ্ৰগতি শিউলী মহিলাৰীৰ।

