কৰ’ণাই স্তব্ধ কৰা জনজীৱনৰ মাজতে গোলাঘাটত চলিছে বিভিন্ন অবৈধ ব্যৱসায়। সান্ধ্য আইনৰ সময়তো গোলাঘাট বগীজানৰ পৰা দৈনিক পাৰ হৈছে অবৈধ কাঠভৰ্তি বাহন। দেওবাৰে পুৱা এখন অবৈধ নাম্বাৰ প্লেট বিহীন কাঠ ভৰ্তি বলে’ৰ পিক আপ ভান জব্দ কৰে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে । পলাবলৈ খোজা অবৈধ কাঠভৰ্তি বাহনখন খেদি খেদি জব্দ কৰে স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীয়ে । প্ৰায় ১.৫ লাখ টকাৰ অবৈধ কাঠ আছিল গাড়ী খনত ।গাওঁবাসীৰ অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা কাৰ্বি আংলংৰ পৰা মুৰফুলনী হৈ সৰবৰাহ হৈ আছিল অবৈধ কাঠ । ইফালে গাড়ী খনৰ চালক আৰু হেণ্ডিমেনৰ স্বীকাৰোক্তিৰ ভিত্তিত কাঠ সমূহ জনৈক দেৱজিত গগৈৰ বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি বগীজান আৰক্ষী থানা আৰু মুৰফুলনী খণ্ড বন কাৰ্যালয় সমীপেৰে দৈনিক এনে অবৈধ কাঠ ভৰ্তি ট্ৰাক পাৰ হৈ যায় । কিন্তু ৰহস্যজনক ভাৱে নিদ্ৰামগ্ন হৈ থাকে বন বিভাগ আৰু আৰক্ষী ।ৰাইজৰ সন্দেহ যে বন মাফিয়াৰ সৈতে বৃহৎ ধনৰ লেনদেনেৰে গোপন মিতিৰালি কৰি এনেদৰে অবৈধ কাঠ ভৰ্তি ট্ৰাক সমূহ পাৰ কৰিবলৈ সুবিধা কৰি দিয়ে বন বিভাগ আৰু আৰক্ষীয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…