মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বৰালিমাৰী আৰু হয়বৰ গাঁও পঞ্চায়ত এলেকাৰ নৈপৰীয়া অঞ্চলত দীৰ্ঘদিনৰ পৰা বাহুবল আৰু মাফিয়াৰাজ চলাই সৰ্বসাধাৰণ চৰুৱা খহনীয়া গ্ৰস্ত লোকৰ মাজত প্ৰভাৱশালী লোক হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা আবু হানিফ উৰফে আবু ডকাইট বুলি খ্যাত অপৰাধী টোক ভূৰাগাঁও আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰি যোৱা ২৯ মে’ত জেল হাজোতলৈ প্ৰেৰণ কৰি এক ইতিহাস ৰচনা কৰিলে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভূৰাগাঁও থানাত আবু হানিফৰ বিৰুদ্ধে বহু গোচৰ পঞ্জিয়ন হৈছিল যদিও কোনো তদন্ত হোৱা নাছিল।আনকি আৰক্ষীয়েও গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰা নাছিল। আবু হানিফৰ নাম শুনিলেই বহু লোকে ভয় কৰিছিল। অঞ্চলটোত সংঘটিত যিকোনো অপৰাধত আবু হানিফ জড়িত হোৱা মাত্ৰকে সাধাৰণ লোকে গোচৰ তৰিবলৈকো ভয় কৰিছিল। শেহতীয়া ভাৱে বৰালিমাৰী অঞ্চলৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ ধৰ্ষণৰ গোচৰৰ সৈতে জড়িত হৈ পৰে আবু হানিফৰ নাম। ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাই জনোৱা মতে, আবু হানিফে ধৰ্ষিতা যুৱতী গৰাকীক ভয় ভাবুকি প্ৰদান কৰি আৰক্ষীৰ ওচৰত গোচৰ তৰিবলৈ পৰিয়ালক বাধা প্ৰদান কৰিছিল আৰু যুৱতী গৰাকীক ১০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিব বুলি প্ৰলোভন দি ধৰ্ষণকাৰী দলটোৰ সদস্য সকলক পলোৱাই পঠাইছিল। পৰোক্ষ ভাৱে আবু হানিফ জড়িত হৈ পৰিছিল ধৰ্ষণৰ গোচৰত। তদুপৰি সংবাদ মাধ্যমৰ আগত ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাই প্ৰকাশ কৰা মতে, ৭ – ৮ গৰাকী মহিলাক বিয়া কৰাই আবু হানিফে শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ আছে। অকল ইমানেই নহয় সমগ্ৰ বৰালিমাৰী আৰু হয়বৰ গাঁও অঞ্চলৰ তেওঁ একছত্ৰী জুৱাৰ সম্ৰাট। নৈপৰীয়া অঞ্চলটোত চলা সৰহ সংখ্যক জুৱাৰ ঘাটিৰেই পৃষ্ঠপোষক আবু হানিফ। হাজৰিকাই জনোৱা মতে, আবু হানিফৰ অপৰাধৰ তালিকাখন বহু দিঘলীয়া। নৈপৰীয়া অঞ্চলটোৰ বহু অপৰাধ আবু হানিফৰ বিছাৰ শালতে মীমাংশা হয়। যাৰ বাৰে বহু নিৰ্যাতিতা মহিলাই নৈপৰীয়া অঞ্চলটোত হেৰুৱাইছে নিম্নতম অধিকাৰ। উল্লেখযোগ্য যে এইজন আবু হানিফ আছিল এ আই ইউ ডি এফৰো স্হানীয় নেতা। সেই সোবাদতে এ আই ইউ ডি এফৰ পৰা টিকট লৈ বিগত দিনত হয়বৰ গাঁও পঞ্চায়তৰ সভাপতিৰ পদতো জয়লাভ কৰিছিল। প্ৰায় ২০ – ২৫ বছৰ ধৰি নৈপৰীয়া অঞ্চলটোত উঠিৰজা বহিৰজা হৈ একছত্ৰী সম্ৰাট হৈ পৰা আবু হানিফ অৱশেষত ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ বলিষ্ঠ পদক্ষেপত ৰঙা ঘৰৰ আলহী হব লগা হ’ল। আজি ভূৰাগাঁও থানাত ৮৫/ ২১ নম্বৰত ধৰ্ষণ আৰু অন্যান্য বহু অভিযোগত এটি গোচৰ পঞ্জিয়ন কৰি ভূৰাগাঁও আৰক্ষীয়ে আবু হানিফক প্ৰেৰণ কৰিলে জেল হাজোতলৈ।

