গেৰুৱা ধুমুহাত তছ্‌নছ বিৰোধীঃ বিৰোধীয়ে ৰুধিব নোৱাৰিলে এনডিএৰ বিজয় ৰথ

এগজিট পলৰ পূৰ্বানুমাণ সত্যত পৰিণত কৰি অসমত পুনৰ বিজেপি নেতৃত্বাধীন এনডিএৰ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পথ প্ৰশস্ত হল৷ কালি অনুষ্ঠিত হোৱা ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাত বিজেপি নেতৃত্বাধীন এনডিএই লাভ কৰে সৰ্বমুঠ ১০২খন আসন৷ ইয়াৰ ভিতৰত বিজেপি-৮২, অগপ-১০, বিপিএফ-১০ খন আসন লাভ কৰে৷ একেদৰে কংগ্ৰেছ-১৯, ৰাইজৰ দল-২, তৃণমূল কংগ্ৰেছ-ৰ, ইউডিএফ-২৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাত আৰম্ভণিৰে পৰাই শাসকীয় পক্ষই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়৷ বিজেপিৰ এই বিজয় যাত্ৰাত কেইবাজনো হেভিৱেট নেতাই নিজৰ দখল অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে বিৰোধীৰ শিবিৰক বিষণ্ণতাই আবৰি ধৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত ২৩,১৮২ টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰাটো বিৰোধীৰ বাবে এক ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে৷

ইয়াৰ উপৰি শিৱসাগৰত অখিল গগৈ ৬৮৪৩৫ ভোটেৰে ৰ২৬৭৯ ভোটৰ ব্যৱধানত আগবাঢ়ি থকাৰ বিপৰিতে খোৱাঙত লুৰীণজ্যোতি গগৈৰ দৰে হাই-প্ৰফাইল নেতৰ বৃহৎ ব্যৱধানত পৰাজয়বৰণে বিৰোধী শিবিৰক অধিক হতাশ কৰি তুলিছে৷ মিত্ৰজোঁটৰ অন্যতম সহযোগী দল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টেও নিজৰ নিজৰ দুৰ্গত আশানুৰূপ প্ৰদৰ্শন কৰিছে৷ অগপৰ সভাপতি অতুল বৰা আৰু জ্যেষ্ঠ নেতা কেশৱ মহন্তই নিজ নিজ সমষ্টিত জয় লাভ কৰিছে৷ নিৰ্বাচনৰ এই ফলাফলক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্তুষ্টি প্ৰকাশ কৰি কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবেই জনসাধাৰণে পুনৰ মিত্ৰজোঁটৰ ওপৰত আস্থা প্ৰকট কৰিছে৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলে ইতিমধ্যে বিজয় উৎসৱ পালন কৰা দেখা গৈছে৷ ইয়াৰ বিপৰীতে বিৰোধীৰ কাৰ্যালয়সমূহ নিস্তব্ধ হৈ পৰিছে৷ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইটোৱেই আছিল প্ৰথম নিৰ্বাচন, য’ত ভোটাৰৰ সঁহাৰিয়ে বহু পুৰণি সমীকৰণ সলনি কৰি পেলালে৷ এই পৰ্যন্ত ভোটগণনা সম্পূৰ্ণ হোৱা নাই যদিও মিত্ৰজোঁটে যিধৰণৰ জনদেশ লাভ কৰিছে, তাৰ পৰা স্পষ্ট যে অসমৰ ৰাজনীতিত বিজেপিৰ ভেটি অধিক শক্তিশালী হৈ পৰিল৷ ইপিনে ২০০১ চনৰ পৰা বৰ্তমানলৈকে ধাৰাবাহিকভাৱে জালুকবাৰীত বিজয়যাত্ৰা অক্ষুণ্ণ ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এইবাৰ নিৰ্বাচনত তেওঁ সমষ্টিটোৰ পৰা ৮৯,৪৩৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই ৰ,২৭,১৫১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী বিদিশা নেওগে ৩৭,৭১৭টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ অসম বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা বৰ্তমানলৈকে ষষ্ঠবাৰলৈ নিৰ্বাচিত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল ২০০১ চনৰ পৰা৷

অসম গণ পৰিষদৰ নেতা ভৃগু কুমাৰ ফুকনক পৰাস্ত কৰি কংগ্ৰেছ দলৰ পৰা ২০০১ চনত তেওঁ প্ৰথমবাৰৰ বাবে জালুকবাৰীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ ইয়াৰ পৰৱৰ্তী সময়ত ২০০৬ আৰু ২০১১ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে একেটা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়৷ ২০১১ চনত হিমন্ত বিশ্ব শৰ্মাৰ জোৰতেই ৭৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ দলে৷ ২০১১ চনত জালুকবাৰী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা শৰ্মাই ২০১৫ চনৰ ২৩ আগষ্টত কংগ্ৰেছত ২২ বছৰীয়া ৰাজনৈতিক জীৱনৰ অন্ত পেলাই যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত৷ ইয়াৰ পাছত ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা জয়ী হয় শৰ্মা৷

Related Articles