যোৰহাটত ফুলিল পদুমঃ গৌৰৱ মোৰ ভাই, এদিন জিকিবঃ হিতেন্দ্ৰ নাথ গোস্বামী…

যোৰহাটত কংগ্ৰেছক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিলে সাধাৰণ ৰাইজে৷ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী গৌৰৱ গগৈক বিপুল ভোটত পৰাজিত কৰিলে হিতেন্দ্ৰ নাথ গোস্বামীয়ে৷ দুবছৰ পূৰ্বে যোৰহাটৰ আটাইকেইটা সমষ্টিতে লোকসভা নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হোৱা কংগ্ৰেছক এলাগী কৰিলে যোৰহটীয়া ৰাইজে৷ সকলো জল্পনা-কল্পনা ওৰ পেলাই যোৰহাটৰ চাৰিওটা বিধানসভা সমষ্টিতে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল এনডিএ প্ৰাৰ্থীসকলে৷ পুনৰ এবাৰ যোৰহাটৰ বিধায়ক হিচাপে নিৰ্বাচিত হ’ল যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী৷ উন্নয়নৰ ধাৰা অব্যাহত ৰাখি যোৰহাটৰ উন্নয়নৰ শ্লোগান দি পুনৰ এবাৰ যোৰহাটৰ বিধায়ক হিচাপে ৰাইজৰ আস্থাভাজন হ’ল যোৰহাট যোৰহাটৰ বিধায়ক তথা প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী৷ আজি পুৱাৰ পৰাই এক উত্তেজনা বিৰাজ কৰিছিল যোৰহাট সমষ্টিৰ ৰাইজৰ মাজত৷ কিয়নো আজি পুৱা ভোট গণনা আৰম্ভ হোৱাৰ পাছৰ পৰাই বিজেপি আৰু কংগ্ৰেছ দলৰ যোৰহাট সমষ্টিৰ দুয়ো গৰাকী প্ৰাৰ্থীৰ সমৰ্থকৰ তথা ৰাইজৰ মাজত সৃষ্টি হয় উত্তেজনাৰ৷ কিয়নো বিগত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল কংগ্ৰেছ দলৰ গৌৰৱ গগৈয়ে৷

লোকসভা নিৰ্বাচনৰ পাছত এইবাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল গৌৰৱ গগৈ৷ কিন্তু যোৰহাট সমষ্টিবাসী ৰাইজে এই বিধানসভা নিৰ্বাচনত সম্পূৰ্ণভাৱে প্ৰত্যাখ্যান কৰে গৌৰৱ গগৈক৷ আজি ভোট গণনা আৰম্ভ হোৱাৰ পাছত প্ৰতিটো ৰাউণ্ডত যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে জয় হ’বলৈ সক্ষম হয়৷ আজি বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক ২৩১৮২ ব্যৱধানত পৰাস্ত কৰি পুনৰ এবাৰ যোৰহাটৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়৷ ভোট গণনাৰ অন্তত হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৬৯৪৩৯ ভোট লাভ কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে লাভ কৰে ৪৬২৫৭ টা ভোট৷ আনহাতে আজি বিজয় সাব্যস্ত কৰি বিশেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে সাংবাদিকৰ আগত কয় যে, গৌৰৱ গগৈ মোৰ ভাইৰ দৰে৷ সাংসদ হিচাপে গৌৰৱ গগৈ সচাঁকৈয়ে এজন ভাল সাংসদ আৰু অসমৰ নাম উজ্বলাই তুলিব পাৰে৷ আজি তেওঁৰ পৰাজয় হৈছে যদিও গণতান্ত্ৰিক ব্যৱস্থাত এদিন তেওঁৰ জয় হ’ব৷ মই নিজে বৃদ্ধ হৈ আহিছো বুলি মন্তব্য কৰি গোস্বামীয়ে কয় যে যোৰহাটৰ ৰাইজে উন্নয়ন বিচাৰে৷

আৰু সেই উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব লাগিব৷ আৰু যোৰহাটৰ ৰাইজৰ আশীৰ্বাদ লগত লৈ আগুৱাই যাম৷ একেদৰে তিতাবৰ সমষ্টিতো নচলিল গৌৰৱ গগৈ মেজিক৷ কংগ্ৰেছৰ দুৰ্গ খ্যাত তিতাবৰত বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালা ২৩৩১৫ টা ভোটত জয়ী হ’বলৈ সক্ষম হয়৷ তিতাবৰত নিৰ্বাচনৰ পূৰ্বে যি পৰিবেশ হৈছিল তাৰ পিছতে নিৰ্দলীয় প্ৰাৰ্থীজনৰ নাম উচ্ছাৰিত হৈছিল যদিও ৰাইজে বিকাশৰ পক্ষত ঠিয় হৈ ধীৰাজ গোৱালাক বিপুল ভোটত জয়ী কৰায়৷ তিতাবৰ সমষ্টি বিগত ২০ বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিল যদিও সমষ্টিটোত উন্নয়নৰ ধাৰা তীব্ৰতৰ কৰা স্বাৰ্থতে এইবাৰ ৰাইজে বিজেপিক সেৱা কৰিবলৈ সুবিধা দিয়ে বুলি মন্তব্য কৰে তিতাবৰ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী ধীৰাজ গোৱালাই৷ একেদৰে টিয়ক সমষ্টিত অগপ দলৰ প্ৰাৰ্থী বিকাশ শইকীয়াই নিকতটম প্ৰতিদ্বন্দ্বী পল্লৱী শইকীয়া গগৈক ২০ হাজাৰৰো অধিক ভোটত পৰাজিত কৰিবলৈ সক্ষম হয়৷ বিজয়ী হোৱাৰ পিছতে এয়া ৰাইজৰ জয় বুলি অভিহিত কৰি বিকাশ শইকীয়াই কয় যে ৰাইজে আৰ্শীবাদ দিছে আৰু ৰাইজৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰি যাম৷

Related Articles