ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰি গ্ৰেপ্তাৰ কৰিছে সৰবৰাহকাৰীক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীও ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছে বৃহৎ সফলতা ৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিগত সপ্তাহত মুকালমুৱা,ঘোগা,লোহাৰকাঠা,বৰলিয়াপাৰ,মুগদি সোণাপুৰ ইত্যাদি অঞ্চলত অভিযান চলায় দহজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ পৰা ৪৬ টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ, ৫৬৫ টা নিচাজাতীয় টেৱলেট, ১৫ টা কপচিৰাপ আৰু নগদ ১৫,৩৪০ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ কালি নিশা মুকালমুৱা আৰক্ষীয়ে চুঙৰবড়ীত সাধাৰণ লোকৰ বেশত নাটকীয়ভাৱে অভিযান চলায় এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি সৰবৰাহকাৰীজনৰ পৰা ২২ টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীজন কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণি গাঁৱৰ মোজামিল আলীৰ পুত্ৰ মকবিল আলী ওৰফে বদন ৷ সৰবৰাহকাৰীজনৰ পৰা জব্দকৃত ড্ৰাগছখিনি সন্ধৰ্ভত আৰক্ষীয়ে সোধ-পোচ কৰাত তেওঁ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ঘোগা গাঁৱৰ ৰছিদ আলী ওৰফে শগুণলৈ লৈ অহাৰ কথা স্বীকাৰ কৰে ৷ মকবিলৰ স্বীকাৰোক্তিৰ ভিত্তীত ৰছিদ আলীকো নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইপিনে কালি নিশাই যোৱা ২৮ মে’ত ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা ৰঞ্জন আলীৰ স্বীকাৰোক্তিৰ ভিত্তীত মুকালমুৱাৰ ২নং লোহাৰকাঠা গাঁৱৰ পৰা ছাদ্দাম আলী আৰু ৰফিকুল আলীক গ্ৰেপ্তাৰ কৰে ৷ তদুপৰি যোৱা ২৪ মেত ঘোগা গাঁৱত অভিযান চলায় দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে আব্দুল ৰহিম আৰু চফিকুল হ’কক গ্ৰেপ্তাৰ কৰি দুয়োজনাৰ পৰা ৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ৩৪৬ টা নিচাজাতীয় টেৱলেট আৰু নগদ ১৫,৩৪০ টকা জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ২৫ মে’ত সাপকাতা গাঁৱৰ পৰা আফনুৰ আলী আৰু ৩নং কান্ধবাৰী গাঁৱৰ পৰা জাহিদুল ইছলাম নামৰ আন দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ২৮ মে’ত ২নং ঘোগাত (বালিকুছি) এক গোপন সুত্ৰৰ খবৰৰ ভিত্তীত আৰক্ষীয়ে অভিযান চলায় এটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি সৰবৰাহকাৰীজনৰ পৰা ২১৯ টা নিচাজাতীয় টেৱলেট আৰু ১৫ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ধৃত সৰবৰাহকাৰীজন ঘোগা গাঁৱৰ ৰঞ্জন আলী ৷ ইপিনে ২৯ মে’ৰ নিশা দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত মুগদি (সোণাপুৰ) গাঁৱত অভিযান চলাই সোণাপুৰ গাঁৱৰ মোছলেম আলী কাকতিৰ পুত্ৰ আব্দুল মতিব কাকতিক নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা ১৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে মুকালমুৱা থানাত পৃথকে পৃথকে কে’বাটাও গোচৰ ৰুজু কৰি এন.ডি.পি.এছ আইনৰ অধীনত নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে কেওজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ মুকালমুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানকাৰী দলটিত অচি যুগল কিশোৰ কলিতাৰ সহিতে মহিলা আৰক্ষী বিষয়া পৰিস্মিতা গগৈ, সহকাৰী উপ-পৰিদৰ্শক মোকছেদ আলীয়ে নেতৃত্ব বহন কৰিছিল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
- কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…
- পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…