বঙাইগাঁও ৰে’ল ষ্টেচনত সোমবাৰে এখন চলন্ত ৰে’লৰ যাত্ৰীৰ পৰা মোবাইল কাঢ়ি ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল বঙাইগাঁও চহৰৰ দুই গভাইত চোৰ ৷ ৰাইজৰ সহযোগত ৰে’লৱে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা এই গভাইত চোৰ দুজন বঙাইগাঁও চহৰৰ কবৰস্থানৰ ৰাজা ৰজক (২৫) আৰু পালপাৰাৰ শ্যামল দাস ( ২৬ ) ৷ উল্লেখ্য যে বঙাইগাঁও ৰে’ল ষ্টেচনত পুৱাৰ ভাগত নামনিমুৱা কামৰূপ এক্সপ্ৰেছ ৰে’ল খন আহি ৰখাৰ পিছত পুনৰ গন্তব্যস্থানলৈ যাত্ৰা কৰাৰ সময়তে চলন্ত ৰে’লখনৰ খিৰিকীৰ কাষত থকা এজন যাত্ৰীয়ে মোবাইলত কথা পাতি থাকোতে বাহিৰত থকা দুজনীয়া এই দলটোৱে যাত্ৰী জনৰ মোবাইলটো কাঢ়ি পালপাৰাৰ দিশে পলায়ন কৰিবলৈ চেষ্টা কৰে ৷ কিন্তু উক্ত সময়ছোৱাত ষ্টেচনত কৰ্তব্যৰত ৰে’ল আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত দুজনকে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে বিগত কিছুদিনৰ পৰা বঙাইগাঁও ৰে’ল ষ্টেচন আৰু নিউ বঙাইগাঁও ৰে’লৱে জংচনত এটা মোবাইল চোৰৰ দল সক্ৰিয় হৈ উঠিছিল ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…