তামিলনাডুত সিজা নাছিল মিত্ৰতাৰ চাউল৷ (Thalapathy Vijay) তামিলনাডুৰ নিৰ্বাচনৰ পিছৰ ৰাজনীতিত চৰম অস্থিৰতাৰ সৃষ্টি হৈছিল৷ অভিনেতা বিজয়ৰ দল তামিলাগা ভেত্ৰী কাঝাগামে স্পষ্ট কৰি দিছিল যে যদি ডি এম কে বা এ আই এ ডি এম কেয়ে চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকৰ দলৰ সকলো বিধায়কে একেলগে পদত্যাগ কৰিব৷ এফালে বিজয়ে যেতিয়া কংগ্ৰেছ আৰু অন্যান্য ৰাজনৈতিক দলৰ সমৰ্থনত চৰকাৰ গঠনৰ চেষ্টা চলায়, সেই সময়তে তেওঁলোকৰ এই ঘোষণাই তামিলনাডুৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰে৷
টিভিকেই অভিযোগ কৰিছে যে তামিলনাডুৰ পৰম্পৰাগত দ্ৰাবিড় দল দুটা– ডিএমকে আৰু এআইএডিএমকেয়ে ‘গোপনে’ চৰকাৰ গঠনৰ চেষ্টা চলাইছিল৷ ইয়াৰ দ্বাৰা ৰাজ্যবাসীয়ে দিয়া জনসমৰ্থনক অসন্মান কৰিছে বুলি দাবী কৰে৷ নিৰ্বাচনত টিভিকে ১০৮খন আসন লাভ কৰাৰ বিপৰীতে বিজয়ে নিজেই দুখন আসন লাভ কৰে৷ এতিয়া দলটোৰ ১০৭ জন বিধায়ক৷ সংখ্যাগৰিষ্ঠতা পাবলৈ ১১৮খন আসনৰ প্ৰয়োজন৷ ফলত টিভিকেক চৰকাৰ গঠন কৰিবলৈ আছিল ১০খন আসনৰ প্ৰয়োজন৷ ইতিমধ্যে কংগ্ৰেছে সমৰ্থন প্ৰকাশ কৰিছে, কংগ্ৰেছৰ পাঁচজন বিধায়ক৷ টিভিকেই বাওঁ শিবিৰ আৰু আন কেইবাটাও সৰু সৰু দলৰ সৈতে আলোচনা অব্যাহত ৰাখে৷ এনে পৰিস্থিতিত নতুন অচলাৱস্থাৰ সৃষ্টি হৈছিল৷ বুধবাৰে পুৱা বিজয়ে ৰাজ্যপাল আৰ ভি আৰ্লেকাৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়৷ কিন্তু ৰাজ্যপালে স্পষ্টকৈ উল্লেখ কৰে যে টিভিকেৰ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নাই৷ বিজয়ে সংখ্যাগৰিষ্ঠতাত উপনীত হ’বলৈ যি পৰিকল্পনা ৰূপৰেখা দাঙি ধৰিছিল, সেই পৰিকল্পনাতো তেওঁ সন্মতি প্ৰকাশ কৰা নাছিল৷
ৰাজভৱনে জনোৱা মতে, ‘প্ৰত্যাশিত সংখ্যাগৰিষ্ঠতাৰ কোনো প্ৰমাণ নাই, গতিকে চৰকাৰ গঠনৰ দাবী মানি ল’ব নোৱাৰি৷’ ১১৮জন বিধায়কৰ স্বাক্ষৰসহ এখন পত্ৰ দাখিল কৰিব লাগিব বুলিও ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে৷ ইফালে ডি এম কেৰ ভিতৰতো কাৰ্যকলাপ বৃদ্ধি পাইছে৷ দলৰ বৈঠকত চাৰিটা প্ৰস্তাৱ গৃহীত হয়৷ ইয়াৰে এটা হৈছে দলৰ নেতা এম কে ষ্টেলিনক ‘জৰুৰীকালীন পৰিস্থিতিত সিদ্ধান্ত’ ল’বলৈ সম্পূৰ্ণ ক্ষমতা দিয়া৷ ডি এম কেয়ে কয় যে তেওঁলোকৰ মূল লক্ষ্য হৈছে নতুন নিৰ্বাচন এৰাই চলি ৰাজ্যখনত এখন সুস্থিৰ চৰকাৰ গঠন কৰা, যাতে ‘সাম্প্ৰদায়িক শক্তি’য়ে সুযোগ নাপায়৷ লগতে ডি এম কেৰ সকলো বিধায়কক চেন্নাইত থাকিবলৈ নিৰ্দেশ দিছে৷ কিন্তু বিজয়ে কংগ্ৰেছ, চিপিআই, চিপিআই [এম] আৰু ভিচিকেক লগত লৈ মেজিক নাম্বৰ অৰ্জন কৰি চৰকাৰ গছন কৰিব আৰু কাইলৈ শপতগ্ৰহণ কৰিব৷

