পূব নলবাৰী ক’চিং চেণ্টাৰৰ খেলুৱৈ সকলৰ দুৰ্দশাৰ প্ৰতিচ্ছবি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ পিছত আজি বিয়লি ৩ বজাত কঞাকুছি গাওঁত ক’চিং চেণ্টাৰটোৰ ৩০ জন দুখীয়া খেলুৱৈৰ মাজত কিছু খাদ্য-সামগ্ৰী বিতৰন কৰে ৰঙিয়াৰ বিশিষ্ট ব্যাৱসায়ী, ৰঙিয়া ক্ৰীড়া সন্থাৰ নৱনিৰ্বাচিত ভলীবল বিভাগৰ সম্পাদক, অসম ভলীবল সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য, অসম ভলীবল মিছন-১০০ ৰ উদ্যোক্তা ৰঞ্জিত ডেকাই। খাদ্য সামগ্ৰীৰ ভিতৰত চাউল, ডাইল, মিঠাতেল, পিয়াজ, চয়াবিন, চাবোন, বিস্কুট ইত্যাদি অত্যাৱশ্যকীয় বস্তু থাকে। খেলুৱৈ সকলৰ এই দুৰ্দিনৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা বাবে ক’চিং চেণ্টাৰৰ সভাপতি ,সম্পাদক ক্ৰমে দীপক কুমাৰ দাস আৰু হিতেশ দাসে ৰঞ্জিত ডেকাক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে বিগত ল’ক ডাউনৰ সময়তো উক্ত অনুষ্ঠানটোৰ অনুৰোধ মৰ্মে বিভিন্নজন হৃদয়বান ব্যাক্তিয়ে খেলুৱৈ সকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছিল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গ্ৰীষ্মকালত কেঁচা আম খোৱাৰ আছে ৬ টা উপকাৰ! হৃদযন্ত্ৰ আৰু যকৃতৰ বাবে অমৃত…
- চিৰাঙৰ সুন্দৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত থিতাতে নিহত এজন স্কুটী আৰোহী…
- ৩০ বছৰ বয়সত মাতৃ নোহোৱা, নিজৰ ওপৰতে খং; ক’লে ৩০ বছৰ বয়সত মাতৃ হ’ব নোৱাৰাৰ বহু কথা ডিয়া মিৰ্জাই…
- দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰঞ্জী ট্ৰফী ! বতৰৰ বিঘিনিৰ বাবে এই সিদ্ধান্ত BCCIৰ…
- কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা ! বড়ো জাতীয় সংগঠনৰ উদ্যোগত শিয়ালমাৰীত ১৭ সংখ্যক মধ্য জোনাই ৰংজালি বৈসাগু সন্মিলন আৰম্ভ…
- পাকিস্তান অধ্যুষিত কাশ্মীৰত জনতাৰ প্ৰতিবাদ! ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। বন্ধ বজাৰ, বিদ্যালয়; কাৰ্যালয়…
- পিয়াং চাপৰিত বিশুদ্ধ খোৱা পানীৰ নামত দুৰ্নীতি-অনিয়মৰ অভিযোগ ভুক্তভোগী ৰাইজৰ…
- কোনোবাই সুধিলে স্বৰ্গ ক’ত? হাঁহি হাঁহি ক’লোঁঃ যাৰ ঘৰত মাক আছে, সেই ঠাইখনেই স্বৰ্গ! পঢ়া-শুনা বা চাকৰিৰ বাবে মাতৃৰ পৰা আঁতৰি থাকে নেকি? তেন্তে এই বাৰ্তা মাতৃলৈ…
- আজি মাতৃ দিৱস, প্ৰতিগৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা…
- ‘হাল্লা ব’ল’ৰে উদ্ভাসিত এ চি এ ষ্টেডিয়ামঃ মহানগৰীত আই পি এলৰ উন্মাদনা