ড্ৰাগছৰ বাবেই বৰ্তমান নগাঁৱৰ যুৱপ্ৰজন্ম জড়িত হৈ পৰিছে অপৰাধ জগতৰ সৈতে। আজি নগাঁওত সংঘটিত হোৱা এক ঘটনাই পুনৰ তাকে প্ৰমাণ কৰিলে। জানিবপৰা মতে, আজি পুৱা নগাঁও চহৰৰ মৰিকলং স্থিত নগাঁও ৰেল ষ্টেচনত চুৰি সামগ্ৰী সহ এটা ৪জনীয়া চোৰৰ দল ৰৈ থকাৰ খবৰ পাই গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়ে। গাঁওৰক্ষী বাহিনীৰ খবৰৰ ভিত্তিত মৰিকলং আৰক্ষী চকীৰ অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলৰ সহযোগত চোৰ কেইটাক আটক কৰাৰ চেষ্টা চলাই যদিও ইয়াৰে ৩টা চোৰে পলায়ণ কৰে।পিছত ৪ জনীয়া চোৰৰ দলটোৰ পৰা আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে খেদি খেদি আটক কৰে মহম্মদ ৱাক্কিল ভূঁঞা নামৰ চোৰটোক। আৰক্ষীয়ে ৱাক্কিলৰ পৰা উদ্ধাৰ কৰে নামঘৰৰ পৰা চুৰি হোৱা বহু সামগ্ৰীৰ লগতে কেমেৰা, লেপটপ, সোণৰ আ- অলংকাৰ, ইনভাৰটাৰ, বেটেৰী, ২খন ডেগাৰ আদিকে ধৰি যথেষ্ট সামগ্ৰী উদ্ধাৰ কৰে। ইপিনে আৰক্ষীয়ে ধৃত ৱাক্কিলক আটক কৰি আৰক্ষীৰ বাহনত উঠোৱাৰ পিছতে ড্ৰাগছ বিচাৰি ৱাক্কিলে এক হলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ৱাক্কিলে আনকি এখন কেচিৰে নিজৰ ডিঙিত আঘাত কৰি আত্মহত্যাৰো চেষ্টা কৰে। ইয়াৰ পিছতে মৰিকলং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাই ৱাক্কিলৰ হাতৰ পৰা কেচিখন কাঢ়ি লৈ ৱাক্কিলৰ প্ৰাণৰক্ষা কৰে। ৱাক্কিলৰ অপ্ৰকৃতস্থ ব্যৱহাৰৰ পৰা আৰক্ষী নিশ্চিত হয় যে ৱাক্কিল এটা ড্ৰাগছ আসক্ত আৰু কেৱল ড্ৰাগছৰ বাবেই চুৰি-ডকাইটি আদি অপৰাধজনিত কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিছিল। বৰ্তমান আৰক্ষীয়ে ৱাক্কিলৰ সৈতে থকা আন ৩টা চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। কিন্তু ড্ৰাগছৰ বাবেই যে বৰ্তমান নগাঁৱৰ যুৱপ্ৰজন্ম বহু অপৰাধজনিত কাৰ্যকলাপৰ সৈতও জড়িত হৈ পৰিছে সেয়া আজিৰ ঘটনাৰ পৰা পুনৰ প্ৰমাণ হৈ পৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…