প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পদাংক অনুসৰণ কৰি আজি বিধানসভাত প্ৰৱেশৰ পূৰ্বে আঠুঁ লৈ সেৱা ল’লে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে সংসদ ভৱনত সাংসদ হিচাপে প্ৰৱেশ কৰাৰ প্ৰায় ১২ বছৰৰ পাছতেই মূল প্ৰৱেশদ্বাৰৰত আঠুঁ লৈ সেৱা কৰে। আজি শুভেন্দুৰ ফটো ভাইৰেল হোৱাৰ পিছতে মানুহৰ মনত পৰিল ২০১৪ চনৰ কথা।
বগা কুৰ্তা আৰু পাইজামা পিন্ধি শুভেন্দুৱে ৰেড কাৰ্পেটৰ মাজেৰে বিধানসভালৈ শুভেন্দু অধিকাৰী। বিধানসভালৈ শুভেন্দু অধিকাৰী প্ৰৱেশ কৰাৰ আগতে চেণ্ডেল খুলি সেৱা লয়। তাৰ পাছতে বিধানসভাত প্ৰৱেশ কৰিলে শুভেন্দু। এনে কৰি তেওঁ সদন আৰু গণতন্ত্ৰৰ প্ৰতি বিশেষ সন্মান প্ৰকাশ কৰে।
শুভেন্দুই সেৱা লোৱা ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “এয়া সনাতন সংস্কাৰ। বিধানসভাত প্ৰৱেশ কৰাৰ আগতে ‘বংগ বাঘ’ শুভেন্দ অধিকাৰীয়ে আঁঠু লৈ মূসেৱা কৰিলে। তাৰ পিছত, তেওঁ ভিতৰলৈ গ’ল। পশ্চিম বংগ সলনি হৈ আছে।” সনাতনী হিন্দুৰ নতুন ইতিহাস লিখা হ’ব।’

