“সন্ধান” স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা ক’ৰ’ণা অতিমাৰীৰ জটিল সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়া দুগৰাকীকৈ বিষয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সন্ধান স্বেচ্ছাসেৱী সংস্থাৰ কেবাগৰাকী স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাৰ এটা সঁজাতি দলে ক’ভিড নীতি-নিৰ্দেশনা বজাই ৰাখি কমাৰকুছি উপসংমণ্ডলৰ স্বাস্থ্য বিষয়া ডা: পৰিক্ষীত বৰ্মন আৰু কমাৰকুছি আৰক্ষী চ’কীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঞিক ফুলাম গামোচা আৰু হালোৱা জাঁপিৰে সম্বৰ্ধনা জনায় আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয় । সন্ধান স্বেচ্ছাসেৱী সংস্থাৰ স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা সকলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে শেহতীয়া ভাবে লোৱা মাদকদ্ৰৱ্য বিৰোধী পদক্ষেপক আদৰণি জনোৱাৰ লগতে আগলৈও সমাজ সংস্কাৰৰ বাবে এনেকুৱা ধৰণৰ পদক্ষেপ অব্যাহত ৰখাৰ বাবে আহ্বান জনায় । তদুপৰি স্বাস্থ্য বিষয়া গৰাকী দিন ৰাতি একাকাৰ কৰি কোভিড মহামাৰীৰ লগত মোকাবিলা কৰি ৰাইজক সুৰক্ষিত কৰিবলৈ লোৱা পদক্ষেপ শলাগ লয় সন্ধানৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয় ।।।

