দুদিনীয়া ভ্ৰমণসূচীলৈ চীনৰ ৰাজধানী বেইজিঙত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প৷ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে দুদিনীয়া শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ বাবে বুধবাৰে বেইজিঙতউপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প৷ দুয়োখন দেশে বাণিজ্য, টাইৱান, কৃত্ৰিম চোৰাংচোৱা আৰু বৰ্তমান ভংগুৰ যুদ্ধবিৰতিৰ দ্বাৰা চলি থকা ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধৰ ওপৰত আলোচনাৰ বাবে সাজু হৈছে৷ এই ভ্ৰমণৰ পূৰ্বে বেইজিঙে চীন-আমেৰিকাৰ সম্পৰ্কত চাৰিটা বিশেষ বিষয় উত্থাপন কৰিছিল৷ অৰ্থাৎ তেওঁলোকে আলোচনাযোগ্য বুলি ভবা বিষয়সমূহ বিশ্বৰ দুখন বৃহত্তম অৰ্থনীতিৰ মাজত আলোচনা হোৱাটো চীনে বিচাৰিছে৷
বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ মূল দ্বিপাক্ষিক বৈঠকসমূহৰ লগতে ৰাজ্যিক ভোজ আৰু অন্যান্য আনুষ্ঠানিক অনুষ্ঠানসমূহ অনুষ্ঠিত হ’ব৷ ইপিনে ট্ৰাম্পৰ এই চীন ভ্ৰমণক বিভিন্ন মহলে ভিন্ন দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে৷ বুধবাৰে চীনৰ ৰাজধানী বেইজিঙত উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প৷ চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে বিমানবন্দৰত উষ্ম আদৰণি জনায় ৰাষ্ট্ৰপতি ট্ৰাম্পক৷ ইফালে দুয়োগৰাকী ৰাষ্ট্ৰনেতা মিলিত হৈছে বৈঠকত৷
উল্লেখ্য, হৰমুজ প্ৰণালী, যুদ্ধ, ব্যৱসায় বাণিজ্যৰ সন্দৰ্ভত দুই ৰাষ্ট্ৰনেতাৰ মাজত আলোচনা হোৱাৰ সম্ভাৱনা আছে৷ চুক্তিৰ মাধ্যমেৰে আমেৰিকা-ইৰাণৰ যুদ্ধ শাম কটাবলৈ পাকিস্তানে কৰা চেষ্টা ব্যৰ্থ হোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ চীন ভ্ৰমণে এক যোগাত্মক দিশ লাভ কৰিব বুলি বিশেষজ্ঞই ধাৰণা কৰিছে৷ উল্লেখ্য, বুধবাৰে চীনত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প চীন ভ্ৰমণৰ সন্দৰ্ভত বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ গৌ জিয়াকোনে কয়,‘আমেৰিকা-চীনৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হ’ব৷ শেহতীয়াকৈ যুদ্ধ, ইৰানৰ হৰমুজ প্ৰণালী, ট্ৰাম্প কৰ আদি বিষয়ত আলোচনা কৰা হ’ব৷ কাৰণ আমেৰিকা-চীনৰ এটা ভাল সম্পৰ্ক আছে৷ বুজাবুজিৰ মাধ্যমেৰে, শান্তি প্ৰক্ৰিয়াৰে আমেৰিকাৰে সৈতে ব্যৱসায়-বাণিজ্য কৰিব বিচাৰে চীনে৷ কেতিয়াও যুদ্ধ নিবিচাৰে চীনে৷’

