‘লোপাৰ’ আতংক:তিতাবৰৰ চাহ বাগিছাত নিশাৰ ভিতৰতে শেষ হৈছে বিঘাই বিঘাই চাহগছ

ক’ৰোনা বিভিষিকাৰ সমান্তৰালকৈ এতিয়া তিতাবৰৰ চাহ খেতিয়ক সকলৰ মাজত ভূতৰ ওপৰত দানহ পৰা দি সন্ত্ৰাস সৃষ্টি কৰিছে ‘লোপাৰ’ নামৰ এবিধ পোকে । নিশাৰ ভিতৰতে বিঘাই বিঘাই চাহ গছ খাই নিশেষ কৰিছে এই লোপাৰ পোকে। উপাইহীন হৈ মুৰে কপালে হাত দিছে ক্ষুদ্ৰ চাহ খেতিয়কে। তিতাবৰৰ উজনি আতাপাম অঞ্চলৰ চাহ বাগিছাসমূহত এই ঘটনা সংঘটিত হৈছে। বৃহত্তৰ অঞ্চলটোৰ প্ৰায় সকলো চাহ বাগিছাতে ‘লোপাৰ’ৰ ধ্বংসকাৰ্য অব্যাহত আছে। ক’ভিড মহামাৰীয়ে কোঙা কৰা অৰ্থনীতিৰ মাজতে ‘লোপাৰ’ৰ এনে সন্ত্ৰাসে বৰ্তমান তিতাবৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে।

Related Articles