অধিবক্তাৰ সাজত কলকাতা উচ্চ ন্যায়ালয়ত মমতা বেনার্জী।

পশ্চিমবংগত নিৰ্বাচনৰ পিছৰ ব্যাপক হিংসাৰ সৈতে জড়িত গোচৰত নিজৰ যুক্তি দাঙি ধৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি কলিকতা উচ্চ ন্যায়ালয়ত কয় যে ৰাজ্যখনত শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পিছত বুলডজাৰৰ ব্যৱস্থাকে ধৰি বৃহৎ পৰিসৰৰ হিংসা সংঘটিত হৈছে আৰু আৰক্ষীয়ে এফআইআৰ দাখিল কৰিবলৈ অনুমতি নিদিয়ে।

