যোৱা পহিলা জুনত মৰিগাঁও জিলাত অসম চৰকাৰৰ মুখ্য সচিৱ জিষ্ণু বৰুৱা আহি উপস্থিত হয় | মুখ্য সচিব গাৰকীক সভাপতিত্বত আৱৰ্ত ভৱনত জিলা উপায়ুক্ত সীমাৰেখা ভূঞা, আৰক্ষী অধীক্ষকৰ লগতে, উচ্চ পৰ্য্যায়ৰ বিষয়া সকল এক আলোচনাত মিলিত হয় | মুখ্য সচিৱ গৰাকীয়ে জিলাখনৰ ক’ভিড পৰিস্থিতি আৰু আগন্তুক বান পৰিস্থিতি সন্দৰ্ভত জিলা খনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় | ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্য্যাপ্ত পৰিমাণে অক্সিজেন সংযুক্ত বিচনা, এম্বুলেঞ্চ, ঔষধ আদি মজুত থকাৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে | তাৰোপৰি মৰিগাঁও জিলাত ক’ভিডৰ গণসংক্ৰমন ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ লগতে জনসাধাৰণৰ সু-স্বাস্থ্য বিষয়ক সচেতনতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে | ক’ভিডৰ সময়ত সৰ্বসাধাৰণ ৰাইজৰ মৌলিক সমস্যাখিনিৰ ওপৰতো নজৰ ৰাখিবলৈ পৰামৰ্শ দিয়ে | তদুপৰি আগন্তুক দিনত বাৰিষা বানপানীৰ পৰা হব পৰা পৰিস্থিতিৰ মোকাবিলাৰ বাবে জিলা খনত গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভতো এটি খতিয়ান লয় লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ আৰু পশুধনৰ খাদ্য আদিৰ পৰ্য্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰে আৰু সকলো বিভাগকে যি কোনো জৰুৰী অৱস্থাৰ বাবে সাঁজু থাকিবলৈ আহ্বান জনায় |
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…