বিশ্ব চাইকেল দিৱস প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ প্ৰশংসা কৰা হৈছিল। লগতে প্ৰায় দুই শতক কাল সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্য, নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ উল্লেখ কৰা হৈছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয়।টীয়কৰ স্পীনাৰচ ক্লাৱেও টীয়কৰ পৰা লাহদৈগড়লৈ ১৪ কিমি পথ কভিড বিধি মানি চাইকেল চলোৱাৰ উপকাৰীতা সন্দৰ্ভত তথা ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ল’ব লগা সাৱধানতা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে পুৱাই চাইকেল চলাই এই দিৱস পালন কৰে। কাৰ্যসূচীৰ শেষত টীয়ক আৰক্ষী থানাত এটি গছ পুলি ৰোপন কৰা হয় । কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে স্পীনাৰচ ক্লাৱে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…