নৈৰ গৰা খহাদি খহিছে ভাৰতীয় টকাৰ মূল্য৷ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য প্ৰথমবাৰৰ বাবে ৯৬.৩০লৈ হ্ৰাস পাইছে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১১০ ডলাৰৰ ওপৰত বৃদ্ধি আৰু পশ্চিম এছিয়াৰ সংঘাতৰ প্ৰভাৱ ভাৰতীয় টকাৰ ওপৰত পৰিছে৷ সোমবাৰে বজাৰ মুকলি হোৱাৰ লগে লগে অভিলেখ সৃষ্টি কৰাত টকাৰ দৰ হ্ৰাস পায়৷ ডলাৰৰ বিপৰীতে ৯৬.২০লৈ হ্ৰাস পাইছে টকা৷ পিছত আৰু অধিক হ্ৰাস পাই ৯৬.২৫লৈ নামি আহিল, যিটো ভাৰতীয় মুদ্ৰাৰ এতিয়ালৈকে সৰ্বনিম্ন স্তৰ৷ পূৰ্বৰ ছেছনত ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল ৯৫.৯৬ টকা৷ শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মুদ্ৰা ৯৬১ তললৈ নামিছিল৷
২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ইৰাণ-আমেৰিকা-ইজৰাইল যুদ্ধৰ পিছত এছিয়াৰ ভিতৰতে ভাৰতীয় টকা আটাইতকৈ বেয়া প্ৰদৰ্শন কৰা মুদ্ৰা হিচাপে পৰিগণিত হৈছে৷ এই সময়ছোৱাত টকাৰ মূল্য প্ৰায় প্ত.প্ত শতাংশ হ্ৰাস পাইছে৷ চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা মুঠ হ্ৰাস জ্জ শতাংশতকৈও অধিক৷ বজাৰৰ সূত্ৰ অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে যোৱা শুকুৰবাৰে বজাৰত হস্তক্ষেপ কৰি টকাৰ পতন ৰোধ কৰে৷ বিশেষজ্ঞসকলৰ মতে যদিও সাময়িকভাৱে সকাহ পাইছিল, তথাপিও খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে কেন্দ্ৰীয় বেংকে সঘনাই বজাৰত প্ৰৱেশ কৰিবলগীয়া হৈছে৷ ইফালে আমেৰিকাৰ ১০ বছৰৰ ট্ৰেজাৰীৰ ফলন চ্ছ্ৰ.৬২৫ শতাংশলৈ বৃদ্ধি পাইছে৷ তেলৰ মূল্য বৃদ্ধিৰ ফলত মূল্যবৃদ্ধিৰ আশংকা বৃদ্ধি পোৱাৰ লগতে ট্ৰেজাৰী বণ্ডৰ বিক্ৰীৰ চাপো বৃদ্ধি পাইছে৷ ইউৰোপ, ব্ৰিটেইন আৰু জাপানতো বণ্ডৰ উৎপাদন বৃদ্ধি পাইছে৷
বিশ্লেষকসকলৰ মতে ইৰাণ-আমেৰিকাৰ যুদ্ধ পৰিস্থিতি, হৰমুজ প্ৰণালীত অস্থিৰতা আৰু ইন্ধনৰ বৈশ্বিক সৰবৰাহৰ অনি(য়তাই ভাৰতীয় বৈদেশিক মুদ্ৰাৰ বজাৰত প্ৰত্যক্ষ চাপ পেলাইছে৷ আনহাতে, টকাৰ অভিলেখ হ্ৰাসৰ সমান্তৰালকৈ সোমবাৰে ঘৰুৱা শ্বেয়াৰ বজাৰো ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়৷ বজাৰ মুকলি হোৱাৰ পিছত চেন্সে’ৰ মূল্য প্ৰায় ৯৫০ পইণ্ট হ্ৰাস পায়৷ সামান্য সুস্থিৰ হোৱাৰ পিছত পুৱা ১০.৫০ বজাৰ ভিতৰতঃ চেন্সেক্স– ৭৪,৫৯২.৯৯ [৬৪৫ পইণ্ট বা ঙ্ম.৮৬ক্ম হ্ৰাস], নিফ্টিঃ ২৩,৪৩৭.২০ [২০৬.৩০ পইণ্ট বা ঙ্ম.৮৭ক্ম হ্ৰাস], বেংক নিফটিতো যথেষ্ট হ্ৰাস দেখা গৈছে৷

