কালি বিয়লি ৬:৩০ মান বজাত গোৱালপাৰাৰ বলদমাৰী চৰ অঞ্চলৰ কালু বজাৰ দলংৰ কাষত এক গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা সদৰ আৰক্ষীৰ আৰক্ষীয়ে এজন গাঞ্জা ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আৰক্ষীয়ে প্ৰায় দূঘন্টা ধৰি বাহৰ পাতি থকাৰ পিছত আটক কৰিবলৈ সক্ষম হয় গাঞ্জাৰ ব্যৱসায়ীজনক।
গোৱালপাৰা সদৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য প্ৰকাশ দেউৰী আৰু উপ-আৰক্ষী পৰিদৰ্শক সঞ্জয় আনন্দ মূছাহাৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে বুধবাৰে বিয়লি ৪ বজাৰে পৰা এক গোপন সূত্ৰৰ পম খেদি গোৱালপাৰাৰ বলদমাৰী অঞ্চলৰ কালু বজাৰ দলংৰ কাষত বাহৰ পাতি আছিল। প্ৰায় দুঘণ্টা অতিক্ৰম কৰাৰ পাছত অৱশেষত গাঞ্জাৰ ব্যৱসায়ী আহমেদ আলীক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। এই অভিযানত গাঞ্জা ব্যৱসায়ী আহমেদ আলীৰ লগতে ৮.১৫০ কিঃগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ীজনক আটক কৰি গোৱালপাৰা সদৰ থানালৈ লৈ যায় যদিও আন এজন গাঞ্জা ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৯০ হাজাৰ টকা। আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে।2 Attachments
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…