সমগ্ৰ তিনিচুকীয়া জিলাতে ভয়াবহ গতিত বৃদ্ধি পাৱলৈ ধৰিছে ক’ভিড আক্ৰান্ত ৰোগী সংখ্যা | জিলাখনৰ অন্তৰ্গত মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা| বিগত ২৪ ঘণ্টাত কিশোৰসহ বহু কেইজন লোক আক্ৰান্ত হৈছে ক’ভিডত| ইয়াৰ পিছতো যেন সচেতন নহয় মাৰ্ঘেৰিটাৰ একাংশ লোক তথা খুচৰা ব্যৱসায়ী| বাৰে বাৰে ভংগ কৰি গৈছে চৰকাৰে জাৰি কৰা কভিড পটকল |চৰকাৰে নগৰ অঞ্চলত দিনৰ ১১ বজাৰ লগে লগে দোকান পোহাৰসমূহ বন্ধ কৰিবলৈ নিৰ্দেৰ্শ জাৰি কৰিছে যদিও চৰকাৰী এই নিদৰ্শনাক মাৰ্ঘেৰিটা নগৰৰ একাংশ ব্যৱসায়ীয়ে ভংগ কৰি আহিছে| মাৰ্ঘেৰিটাৰ বজাৰত একাংশ লোকে ১১ বজাৰ পিছতো দোকান খুলি ৰখা বুলি খৱৰ লাভ কৰি সাংবাদিকে উক্ত দোকানকেইখনলৈ যোৱাত সাংবাদিকক দেখি একাংশই দোকানসমূহ বন্ধ কৰি আঁতৰি পলাই যায় যদিও একাংশই দোকান খুলি ৰাখে | সাংবাদিকৰ দলে দোকানৰ গৰাকীক দোকান খুলি ৰখা সম্পৰ্কত প্ৰশ্ন কৰাত সাংবাদিকসকলক ব্যৱসায়ী সকলে দূ-ব্যৱহাৰ কৰা অভিযোগ উত্থাপিত হৈছে| ক’ভিড পটকল ভংগকাৰী এনে ব্যৱসায়ী বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ দাৱী জনাইছে অঞ্চলটোৰ সচেতন মহলে |

