ৰাজ্য চৰকাৰে ক্রয় কৰক নগাঁও–কাছাৰ কাগজ কল !প্রদ্যুৎ বৰদলৈ

 অসম চৰকাৰক নগাঁও আৰু কাছাৰ কাগজ কল দুটা ক্রয়ৰ পৰামর্শ দিছে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে৷ এই সম্পর্কত সাংসদ বৰদলৈয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক এক পত্রত সেই পৰামর্শ আগবঢ়াই কয় যে চৰকাৰী লিকুইডেটৰৰ ফ্ল’ৰ মূল্যত অসম চৰকাৰে কাগজ কল দুটা নিজে অধিগ্রহণ কৰি লওক৷ সেইদৰে অতি কম পৰিসৰৰ মাটিত বহুৱাব পৰা অত্যাধুনিক আৰু নিপুণ যন্ত্রপাতি আনি আজিৰ যুগৰ চাহিদা থকা কাগজ উৎপাদন কৰা, আমোলাতান্ত্রিক মেনেজমেণ্টৰ সলনি ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব গ্রহণ কৰি প্রফেছনেল মেনেজমেণ্ট ব্যৱস্থা প্রৱর্তন আৰু কাগজ কলৰ পৰিসীমাত অব্যৱহূত হৈ থকা, ৰাহি হোৱা আৰু আশে–পাশে থকা অতিৰিক্ত, উদ্বৃত্ত মাটি একলগ কৰি গুৱাহাটীৰ সমীপৱর্তী আৰু ফ’ৰলেনকে আদি কৰি সুন্দৰ যোগাযোগ ব্যৱস্থাৰে সংযুক্ত জাগীৰোডৰ দৰে ঠাইত কেৱল ক্ষুদ্র পৰিসৰৰ উদ্যোগৰ বাবে এক নতুন ঔদ্যোগিক জ’ন গঢ়ি তোলাৰ পৰামর্শ আগবঢ়ায়৷

Related Articles