বৃহস্পতিবাৰে সম্ভাৱ্য মন্ত্ৰীসভা সম্প্ৰসাৰণঃ ১৪জনীয়া মন্ত্ৰীসভাৰ সম্ভাৱনা, উজনিৰ পৰা বলীন চেতিয়া-সুশান্ত বুঢ়াগোহাঁইৰ নাম আগশাৰীত

অহা মাহলৈ অপেক্ষা নকৰি এই মাহতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। ৰাজনৈতিক মহলত চলি থকা জল্পনা-কল্পনা অনুসৰি বৃহস্পতিবাৰেই নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে। ইতিমধ্যে সম্ভাৱ্য মন্ত্ৰীসকলৰ নামক লৈ চূড়ান্ত আলোচনা সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে।

বিশ্বস্ত সূত্ৰৰ মতে, যোৱা সপ্তাহত দিল্লী ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্ভাৱ্য মন্ত্ৰীসভাৰ তালিকাখনৰ অনুমোদন লাভ কৰিছে। বিজেপিৰ সাংগঠনিক পদ্ধতি অনুসৰি প্ৰথমে মুখ্যমন্ত্ৰীয়ে নিজৰ পছন্দৰ তালিকা ৰাষ্ট্ৰীয় সভাপতিক দাখিল কৰে। তাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বিস্তৃত আলোচনা অনুষ্ঠিত হয়। প্ৰতিজন বিধায়কৰ ৰাজনৈতিক, সাংগঠনিক আৰু সামাজিক প্ৰভাৱৰ তথ্য বিশ্লেষণ কৰাৰ পিছত অনুমোদন প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে তালিকাখন চূড়ান্ত কৰে।

উল্লেখযোগ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সময়ত চাৰিজন মন্ত্ৰীক লৈ মন্ত্ৰীসভা গঠন কৰিছিল আৰু পিছত দিল্লীৰ পৰা হোৱাটছএপযোগে বিভাগসমূহৰ অনুমোদন লাভ কৰিছিল।
এইবাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ মূল প্ৰশ্ন হৈছে মন্ত্ৰীসভা কিমানজনীয়া হ’ব। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় নেতৃত্বই ১৯জনীয়া বৃহৎ মন্ত্ৰীসভা গঠনৰ পক্ষত মত প্ৰকাশ কৰিছিল। কাৰণ, এনডিএয়ে এইবাৰ ১০২জন বিধায়কৰ শক্তিশালী সমৰ্থন লাভ কৰিছে। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তুলনামূলকভাৱে সৰু আকাৰৰ মন্ত্ৰীসভাৰ পক্ষত মত দিয়ে। সেয়েহে ১৫জনতকৈ কম সদস্যৰে মন্ত্ৰীসভা গঠনৰ সম্ভাৱনা অধিক বুলি ধৰা হৈছে। যদিও শেষ মুহূৰ্তত তালিকাত কিছু সাল-সলনি হ’ব পাৰে।

আঞ্চলিক সমীকৰণৰ ক্ষেত্ৰত এইবাৰ বৰাক উপত্যকাৰ পৰা দুজন প্ৰতিনিধি মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত বুলি জানিব পৰা গৈছে। ইয়াৰে এজন হ’ব হিন্দীভাষী আৰু আনজন বাংলাভাষী প্ৰতিনিধি। আনহাতে, এই মুহূৰ্তত কাৰ্বি আংলং আৰু ডিমা হাচাওৰ পৰা কোনো মন্ত্ৰী অন্তৰ্ভুক্ত নকৰাৰ সম্ভাৱনা আছে। অৱশ্যে আগন্তুক কাৰ্বি আংলং স্বায়ত্ত পৰিষদ নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাব পাৰিলে পৰৱৰ্তী সময়ত তুলিৰাম ৰংহাঙক মন্ত্ৰীসভাত স্থান দিয়া হ’ব পাৰে বুলি চৰ্চা চলিছে। উজনি অসমৰ পৰা এইবাৰ নতুন মুখ হিচাপে বলীন চেতিয়াৰ নাম আগশাৰীত আছে। বয়সজনিত কাৰণত প্ৰশান্ত ফুকনক এইবাৰ মন্ত্ৰীসভাত স্থান নিদিয়াৰ সম্ভাৱনা আছে। আনহাতে, আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে সুশান্ত বুঢ়াগোহাঁইৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তি প্ৰায় নিশ্চিত বুলি ধৰা হৈছে। ইতিমধ্যে অতুল বৰা আৰু অজন্তা নেওগ মন্ত্ৰীসভাত স্থান পাইছে।

চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত ৰামেশ্বৰ তেলীক ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে। সেয়েহে এই মুহূৰ্তত নতুনকৈ আন কোনো চাহ জনগোষ্ঠীৰ নেতাক সুযোগ দিয়াৰ সম্ভাৱনা কম। অগপ আৰু বিপিএফৰ ক্ষেত্ৰত এইবাৰ কেৱল এজনকৈ প্ৰতিনিধিয়ে মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে বুলি সূত্ৰে প্ৰকাশ কৰিছে। ফলত জ্যেষ্ঠ নেতা কেশৱ মহন্তৰ মন্ত্ৰীসভাত স্থান নাপোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

অন্যহাতে, পীয়ূষ হাজৰীকা, বিমল বড়া, জয়ন্তমল্ল বৰুৱা আৰু চৰণ বড়োক পুনৰ মন্ত্ৰীসভাত স্থান দিয়াৰ সম্ভাৱনা আছে। উত্তৰ অসমৰ প্ৰতিনিধি হিচাপে অশোক সিংহলৰ নাম প্ৰথমে বাদ পৰাৰ সম্ভাৱনা দেখা দিলেও শেষত মুখ্যমন্ত্ৰীৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবেও অশোক সিংহলক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে।
মিচিং জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে ডাঃ ৰণোজ পেগুৰ মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত বুলি ধৰা হৈছে। আনহাতে, কামৰূপ জিলাৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ প্ৰতিনিধি হিচাপে মন্ত্ৰীসভাত থাকিব পাৰে। নামনি অসমৰ পৰা জয়ন্তমল্ল বৰুৱা আৰু চৰণ বড়োৰ নাম শক্তিশালীভাৱে উত্থাপিত হৈছে।

এইবাৰ মন্ত্ৰীসভাৰ পৰা জ্যেষ্ঠ নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ নাম বাদ পৰাৰ সম্ভাৱনাও ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে।
সম্ভাৱ্য মন্ত্ৰীসভাৰ তালিকাঃ
১) ড০ হিমন্ত বিশ্ব শৰ্মা
২) ৰামেশ্বৰ তেলী
৩) অজন্তা নেওগ
৪) অতুল বৰা
৫) চৰণ বড়ো
৬) কৌশিক ৰায়
৭) কৃষ্ণেন্দু পাল
৮) বলীন চেতিয়া
৯) বিমল বড়া
১০) সুশান্ত বুঢ়াগোহাঁই
১১) পীয়ূষ হাজৰীকা
১২) অশোক সিংহল
১৩) ডাঃ ৰণোজ পেগু
১৪) জয়ন্তমল্ল বৰুৱা
অৱশ্যে চৰকাৰীভাৱে এতিয়াও কোনো তালিকা প্ৰকাশ কৰা হোৱা নাই। বৃহস্পতিবাৰৰ পূৰ্বে দিল্লী অথবা দিছপুৰৰ পৰা আনুষ্ঠানিক ঘোষণা আহিলেহে সম্পূৰ্ণ ছবি স্পষ্ট হ’ব।

Related Articles