নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন স্থানত যোৱা নিশা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে পুৰণিগুদাম আৰক্ষীয়ে এক ব্যাপক অভিযান চলায় । বিশেষকৈ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী হায়াংথলত গোপন সুত্ৰৰ পম খেদি চলোৱা এক অভিযানত মহিলা সহ তিনিজন নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নিৰ্দেশত পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে হায়াংথলৰ পৰা সৰবৰাহকাৰী অতুল কোৱৰ, ঋতু বৰা আৰু প্ৰতিমা বৰাক আটক কৰে । আনহাতে নিশাৰ ভাগলৈ পুৰণিগুদাম আৰক্ষী চকীত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলেৰ উপস্থিতিত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সম্বোধন কৰা এক সংবাদ মেলত অভিযানত ৪৬০৮টা নিচাযুক্ত কেপচুল আৰু ৭০০টা নিচাযুক্ত চিৰাপৰ বটল জব্দ হয় বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মেল খনতেই এই চক্ৰটোৰ লগত আৰু বহু লোক জড়িত আছে বুলি মন্তব্য কৰাৰ লগতে এই অঞ্চলটো নাগালেণ্ডৰ সীমামূৰীয়া হোৱা বাবে ইয়াত অধিক ড্ৰাগছৰ ঘাটি থকাৰ কথা আমি উমান পাইছো আৰু আমাৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলি কয় । উল্লেখ্য যে উক্ত চক্ৰটোৱে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলত দীৰ্ঘদিন ধৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ চলাই আহিছিল ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…