আজৱ ঘটনা : যুৱকৰূপী যুৱতীয়ে মবাইল প্ৰেমে পলুৱাই নিলে যুৱতীক

মৰিগাঁৱৰ লাহৰীঘাটত সংঘটিত হৈছে আজৱ ঘটনা । যুৱকৰূপী যুৱতীয়ে ম’বাল প্ৰেম কৰি পলুৱাই লৈ গ’ল যুৱতীক। সাৱধান, আপোনাৰ যুৱতী গৰাকীও পৰিব পাৰে ম’বাইল প্ৰেমত।হয়,ৰং নম্বৰে বহু যুৱক যুৱতীৰ  হৈছে বৈবাহিক জীৱন।পিছে কোনোবা আকৌ ম’বাইল প্ৰেমত পৰিছে খাইছে হাবুডুবু।  আজি আমি লৈ আহিছো তেনে ৰং নম্বৰত কথা পাতি হিয়া দিয়া নিয়া কৰা দুই যুৱতীৰ কাহিনী ।লাহৰীঘাটৰ কোঁছকাটি গাঁৱৰ এইগৰাকী যুৱকৰূপী যুৱতীৰ নাম লভিতা বাংঠাই(ক’লা চাৰ্ট আৰু জিনছৰ হাফপেণ্ট পৰিহিত) । ১৯ বছৰীয়া যুৱতী গৰাকীয়ে অঞ্চলটোৰ পটীয়াবন্ধা গাঁৱৰ ১৬ বছৰীয়া এইগৰাকী মালতি বৰদলৈৰ লগত ৰংনম্বৰত প্ৰেম কৰি চাৰিদিন পূৰ্বে লৈ গৈছিল পলোৱাই  ।অবশ্যে পৰিয়ালৰ লোকে দুয়োকে উদ্ধাৰ কৰি বৃহস্পতিবাৰে ঘৰলৈ লৈ যায় আৰু তাতে উলাই পৰে উৰহীৰ গছৰ ওৰ । উল্লেখ্য যে লভিতা বাংঠাইয়ে নিজকে অভি নামৰ যুৱকৰ পৰিচয় দি মাত্ৰ এটা দিনতে প্ৰেমৰ জাল পেলাই পলোৱাই লৈ গৈছিল পটীয়াবন্ধাৰ মালতি বৰদলৈক।পাছত যুৱতী দুগৰাকীক আৰক্ষীক গতাই দিয়ে আৰু আজি দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰে।খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও 

Related Articles