হোজাইত উপস্থিত অসম চৰকাৰৰ বন তথা আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। হোজাইত উপস্থিত হৈ পোনে পোনে উপস্থিত হয় উত্তৰ পূৱৰ RSS ৰ মুখ্য কাৰ্য্যালয়স্বৰূপ গীতাশ্রমত। গীতাশ্রমত উপস্থিত হৈ হোজাই জিলাৰ দলীয় কৰ্মকৰ্তা তথা নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। হোজাইত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ লয়। হোজাইৰ বন্যহস্তীৰ সমস্যা লৈও মন্তব্য দিয়াৰ লগতে লামডিং বনাঞ্চল বেদখল মুক্ত কৰাৰ কথা সদৰি কৰে সাংবাদিকৰ সন্মুখত। হোজাইৰ গীতাশ্রমৰ পৰা পোনে পোনে হোজাই জিলাৰ কোভিড পৰিস্থিতিৰ বুজ লবলৈ উপায়ুক্তৰ কাৰ্য্যালয়লৈ প্ৰস্থান কৰে মন্ত্ৰীগৰাকী।

