নলবাৰীৰ মুগকুছিতত যোৱা নিশা আৰক্ষী আৰু ডকাইতৰ মাজত গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় । মহিন্দ্ৰা জাইল’ গাড়ী লৈ অহা এটি ডকাইতৰ দলে নলবাৰী-হাজো আহি থকাৰ সময়ত আৰক্ষীৰে সংঘৰ্ষ হয় । আৰক্ষীয়ে ডকাইতৰ বাহনখনৰ চকাত গুলিয়াই গাড়ী খন ৰখাই দিয়াত ডকাইত কেইজন পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে আবু বক্কৰ,বিজু আহমেদ আৰু ৰুবুল হুছেইন নামৰ ডকাইত তিনিটাক কৰায়ত্ত কৰে । তিনি ডকাইত আৰক্ষীৰ গুলিত আহত হয় আৰু তিনিওটাকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল লৈ প্ৰেৰণ কৰা হৈছে ।উল্লেখযোগ্য ডকাইতৰ দলটোৱে আৰক্ষীৰ গাড়ীৰ সন্মুখত দাম্পাৰ এখন ৰখাই পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলি চালনা কৰে । ডকাইতৰ কবলৰ পৰা আৰক্ষীয়ে পিষ্টল এটা,সজীৱ গুলি আৰু বহু আপত্তিকৰ সামগ্ৰী উদ্ধাৰ কৰিছে ।আৰক্ষীয়ে জনোৱা মতে ডকাইত দলটোৰ মূল অভিযুক্ত আবু বক্কৰ ধন লুট,গৰু চোৰ, বেংক ডকাইতি, মন্দিৰ লুটপাত আদি ঘটনাৰে জড়িত । আনহাতে নলবাৰী সদৰ থানাৰ এনে সফলতাত ৰাতিপুৱাৰ ভাগত নলবাৰীৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ সদৰ থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বিষয়ে আলোচনা কৰি শেষত নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা , ঘগ্ৰাপাৰ থানাৰ বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীকে ধৰি এই অভিযানত থকা আটাইকেইগৰাকী আৰক্ষীক গামোচাৰে উস্মভাৱে সম্বধৰ্ণা জনাই আটাইকে উৎসাহ যোগায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…