ৰাজ্যৰ বিভিন্ন জিলাত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্র কৰি তোলাৰ সময়ত কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱ মহকুমাৰ অন্তৰ্গত অসম পশ্চিমবংগ সীমান্তৱৰ্ত্তী শ্রীৰামপুৰত আজি ৰাতিপুৱা প্রায় পাঁচ বজাত ৩১ নং (গ)ৰাষ্ট্ৰীয় ঘাইপথত শিমূলটাপু আৰক্ষী চকী ৰ ভাৰপ্রাপ্ত বিষয়া প’ল লাহলিমছাং ৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন খবৰৰ ভিত্তিত তালাচী অভিযান চলাই ডিব্ৰুগড়ৰ পৰা শিলিগুৰী অভিমুখে গৈ থকা এখন কন্টেইনাৰৰ পৰা বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ কৰে।NL O1Q-1691 নম্বৰৰ কেন্টেইনাৰ খনৰ সন্মুখ ভাগত কৌশল গত ভাৱে চেম্বাৰ বনোৱাই পিছফালে বিস্কুটৰ পেকেট দি লুকুৱাই ৩২৫ কাৰ্টুনত লৈ অনা বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা আৰক্ষীয়ে জব্দ কৰে।জব্দ কৰা অৰুনাচলী সুৰাৰ আনুমানিক বজাৰ মূল্য প্রায় দহ লাখ টকা হ’ব বুলি আৰক্ষী সূত্রই প্রকাশ কৰিছে।কন্টেইনাৰ খনৰ চালক আৰমান হোছেইনৰ ঘৰ মৰিগাঁও জিলাৰ জাগিৰোড আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি গাওঁত বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে। চালকক গ্রেপ্তাৰ কৰি অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে সুৰা খিনি অৰুনাচল প্ৰদেশৰ পৰা কেন্টেইনাৰ যোগে পশ্চিমবংগৰ শিলিগুৰী অভিমুখে গৈ থকাৰ তথ্য নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মাত্র পাঁচ দিন পূৰ্বে শিমূলটাপু আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ভাং জব্দ কৰাৰ পিছত আজি পুনৰ অৰুনাচলী সুৰা জব্দ কৰাটোৱে আন্তঃৰাজ্যিক সীমান্তত ড্রাগছৰ মাফিয়া চক্র সক্রিয় হৈ থকাৰ স্পষ্ঠ ইংগিত বহন কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰহাত ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি নেতা কৰ্মীৰ কাৰ্যকৰ্তা সন্মিলন ! পুৰণি বিজেপি নেতা কৰ্মী উপেক্ষিত হৈ থকাৰ অভিযোগ…
- ৰৌতাত মুছলিম ছাত্র সন্থা (মুছা) ৰ কৰ্মশালা সম্পন্ন ! বি টি আৰত মুছলিমক ভূমি অধিকাৰ প্ৰধান কৰকঃ আশ্বিক ৰাব্বানী…
- মাজবাটৰ চিকাৰীডাঙাত ৩৭৪ কাৰ্টুন অবৈধ সুৰা জব্দ…
- বিপদত আল্লু! দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে আইনী ব্যৱস্থা…
- মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা…
- শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী…
- বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত…
- দেৰগাঁৱত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন…
- ৩০ বছৰ বয়সৰ পূৰ্বেই মাতৃ হৈ পৰিছে বহু শীৰ্ষ অভিনেত্ৰী, ৩০ বছৰৰ পূৰ্বে মাতৃ হোৱাৰ সুফল জানক…
- মহানগৰ আৰক্ষীৰ জালত ২টা চাইবাৰ অপৰাধী ! ইণ্টাৰনেটৰ সহায়ত প্ৰৱঞ্চনাৰ জাল মেলি লুটিছিল ২ কোটি টকা…