চৰকাৰে প্ৰকৃতি সংৰক্ষণৰ বিষয়ত গুৰুত্ব প্ৰদান কৰা সময়তে বন বিভাগৰ দুৰ্বলতা আৰু গুৰুত্বহীনতাৰ বাবেই ধ্বংস হৈ পৰিছে ডিব্ৰুগড়ৰ জকাই বনাঞ্চল। কেইবা হাজাৰ বিঘাৰ মাটিকালি যুৰি থকা এই বনাঞ্চল খনত প্ৰতি দিনেই মূল্যবান গছ সমূহ কাটি শেষ কৰিছে দুষ্কৃতিকাৰীয়ে। দল সংগঠন আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদৰ পাছতো বন বিভাগে বহু মূল্যবান গছ-গছনি থকা বনাঞ্চলখন সংৰক্ষণৰ বাবে আজি পৰ্যন্ত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। ফলত বিনাবাধাৰে বনাঞ্চলখন ধ্বংস কৰিছে। ইফালে বনাঞ্চলৰ কাষতে লাগি থকা জকাই বন বিষয়া কাৰ্যালয়ৰ পৰা বন ধ্বংসৰ বাবে হাত উজান দিয়া বুলি ৰাইজে অভিযোগ উত্থাপিত কৰি আহিছে । কিয়নো বনাঞ্চল খন সুৰক্ষাৰ বাবে জকাই বন বিষয়া কাৰ্যালয়টো আছে যদিও কিন্তু বন বিষয়াৰ পৰা বন কৰ্মী সকলে বন ধ্বংস কৰা দেখিও নেদেখাৰ ভাও জুৰি থকা ফলতেই জকাই বনাঞ্চলৰ বহু মূল্যবান গছগছনি ইতিমধ্যে শেষ হ’ল । নতুন চৰকাৰৰ বন বিভাগে ডিব্ৰুগড় জিলাৰ অতি গুৰুত্বপূৰ্ণ জকাই বনাঞ্চল সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ আৰু দল সংগঠনে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…
- ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…
- পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত…
- পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…
- শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…