বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ বৃক্ষৰোপণ।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি জীয়া ভৰলী নদীৰ পাৰৰ ‘ কন্যকা ‘ কৃষি পামত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই বৃক্ষ ৰোপণ কৰে।গমাৰি,তিতাচপা,চেগুণকে ধৰি প্ৰায় পাঁচ হাজাৰৰো অধিক গছ পুলি ৰোপণ কৰে চতিয়াৰ বিধায়ক গৰাকীয়ে।বৃক্ষৰোপণ কৰি বিধায়ক হাজৰিকাই অকল বৃক্ষৰোপণ কৰিলেই নহব,গছ পুলি ৰোৱাৰ পাছত ইয়াৰ লালন পালন কৰি গছ সংৰক্ষণ কৰিব পাৰিলেহে পৰিবেশ দিৱস প্ৰকৃততে সাৰ্থক হ’ব বুলি মন্তব্য কৰে।অনুষ্ঠানত বন বিভাগৰ উচ্চ পদস্হ বিষয়া সকলো উপস্থিত আছিল।

Related Articles