জামুগুৰিহাটত চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত দুৰ্নীতি : এজাক বৰষুণতে ছিঙিল পথৰ বিভিন্ন অংশ।

জামুগুৰিহাটৰ চকীঘাটৰ পৰা মাধৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথলৈকৈ নিৰ্মাণ কাৰ্য চলি থকা চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ‘ছিমপ্লেক্স ‘ নামৰ বহি:ৰাজ্যৰ কোম্পানীটোৱে বিভাগীয় নীতি নিয়মক গুৰুত্ব নিদি পথ নিৰ্মাণ কৰাৰ ফলত এতিয়া এজাক সাধাৰণ বৰষুণতে খহি পৰিছে পথৰ বিভিন্ন অংশ। চৰকাৰী নীতি নিয়ম অনুসৰি চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণত কাঠ মাটি বা পাহাৰীয়া মাটি ব্যৱহাৰ কৰিব লাগে যদিও ছিমপ্লেক্স কোম্পানীয়ে জীয়া ভৰলী নদীৰ বুকু খান্দি বালি মাটিৰে পথ নিৰ্মাণ কৰাৰ ফলত এতিয়া এই এইদৰে এজাক বৰষুণতে পথচোৱাৰ বিভিন্ন অংশত গাতৰ সৃষ্টি হোৱাৰ লগতে ঠায়ে ঠায়ে পকী অংশও এৰাই যোৱা দেখিবলৈ পোৱা গৈছে। স্থানীয় ৰাইজে চাৰিলেণ্ড যুক্ত পথ নিৰ্মাণত চলা এই দুৰ্নীতিৰ উচিত তদন্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে।

Related Articles